পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

28 নবম অধ্যায় জয়ন্তাৰ জয়ন্তী দেবীক আনিবলৈ অসমৰ সেনাপতিয়ে কাৰবাৰ কৰাত বামসিংহ পুত্ৰে যুদ্ধ কৰি দেৱীক ৰক্ষা কৰিলে। অসমৰ সৈন্য পৰাস্ত হই দেশলৈ উলটি আহিল। জয়ন্তাৰ দৃষ্টান্ত অনুসৰণ কৰি তাম্ৰধ্বজ কছাৰী ৰজাই স্বৰ্গদেৱৰ কটকৰি কথা শুনি মিছা বাহৰলৈ আহিল। ৰুদ্ৰসিংহ স্বৰ্গদেৱ মিছামুখত প্ৰায় তিনমাহ মান আছিল। নগাঁত যিৰূপে মানুহ পতা গইছিল, সিসকলোকে অবগত হ'ল। কছাৰীৰ আৰু জয়ন্তাৰ ৰজা অহা শুনি স্বৰ্গদেৱে বিপদ আশঙ্কা কৰি চাই দুৱাৰ নদুৱাৰ প্ৰভৃতি প্ৰদেশৰ অবস্থা জানিবৰ ছল কৰি বিশ্বনাথলৈ গ'ল। ৰামসিংহ আৰু তাম্ৰধ্বজ ৰজা দুয়ো বিশ্বনাথলৈ গ'লত তাতো তিনিও জন৷ ৰজাই সাক্ষাৎ হ'ল। আৰু তিনিওজন৷ ৰজাৰ দেশৰ বিষয়ে কলঙ্গ আৰু কপিলী ও কলীং নদীকে সীমা স্থিৰ কৰি সন্ধি কৰা হ’ল। তাতে কিছুমান দিন থাকি স্বৰ্গদেৱে দুয়োজনা ৰজাক লগত লই নতুন ৰঙ্গপুৰ নগৰত প্ৰধান উৎসব কৰে। দুমাহমানৰ মূৰত ৰামসিংহ ৰজাই বঙ্গপু নগৰতে মৃত্যু হ'ল। ইয়াকে দেখি স্বৰ্গদেৱে কছাৰী ৰজাক ৰাজযোগ্য বঁটা দি দেশলৈ পঠাই দিলে। ৰঙ্গপুৰত যি উৎসব এই উপলক্ষে হয়, তাতে স্বৰ্গদেৱৰ ভ্ৰাতৃ লেচাই গোঁহাইৰ ওপৰত ৰজাৰ যি অকাৰণ ক্ৰোধ আছিল, তাৰে৷ শেষ হল। আৰু লেচাই গোঁহাই দেৱক নামৰূপীয়া পাতি ৰাজমৰ্য্যাদ৷ দি নামৰূপত থলে। হিন্দুধৰ্ম্ম ক্ৰমে প্ৰবলৰূপে চলিবলৈ ধৰিলে আৰু অনেক দেৱালয়ত মন্দিৰ প্ৰভৃতি নিৰ্ম্মাণ হ’ল। ব্ৰাহ্মণসকলৰ আহোমৰ চাঙ্গলৈ গতিবিধি দৃঢ়ৰূপে হবলৈ ধৰিলে। বিশেষ কছাৰী ও জয়ন্তাৰ ৰজাক দেখি ৰুদ্ৰ- সিংহ স্বৰ্গদেৱ হিন্দুধৰ্ম্ম গ্ৰহণ কৰিবলৈ ইচ্ছুক হ’ল। এইজনা ৰজা বড় আত্মাভিমানী আছিল৷ দেশৰ কোন মহন্তৰ ঠাইত শৰণ ল’লে, সেই মহন্তক মূৰ দোৱাই সেৱা কৰিব লাগিব ই দেশৰ সকলোলোকেই বন্দি। বন্দিক স্বৰ্গদেৱে কেনেকৈ সেৱা কৰে ইয়াকে ভাবি শৰণ লবলৈ বড় ইকাণ সিকাণ কৰিছিল। পাছে প্ৰধান প্ৰধান পাৰিষদসকলে বঙ্গাল দেশৰপৰ৷ পণ্ডিত অনাই শৰণ লবলৈ স্বৰ্গদেৱক মন্ত্ৰণা দিয়াত এজন খাওন্দক ভাটীলৈ পঠালে।