পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী লেখিব বা পঢ়িব নাজানিছিল হয় কিন্তু তেওঁৰ স্মৰণ শক্তি আৰু অনুসন্ধান শক্তি বড় প্ৰবল আছিল। ইমানহে প্ৰবল আছিল পাঁচ বছৰৰ পূৰ্বে হই যোৱা সামান্য কথাও তেওঁৰ মনত আছিল। যিহতে দেশৰ উন্নতি হয়, সি বিষয়ে তেওঁৰ বড় অনুসন্ধান আছিল। দেশী কি বিদেশী সকলোৱে সইতে তেওঁৰ এই বিষয়ে অনেক কথা-বাৰ্ত্তা হইছিল। গুৱাহাটীৰ যি সন্দিকৈ বড় ফুকন আছিল সেইজনাৰে সইতে ভাটী ফালৰ সমাগম অধিক হোৱাত স্বৰ্গদেৱৰ অধিকাংশ দেশৰ উন্নতি কাৰ্য্যত তেওঁ বৰ উৎসাহেৰে সাহায্য কৰিছিল। মগৰ লগোৱা নাওত চাব মাৰি বৈছা শিকাই চৰা নাওৰ খেল ৰজাৰ নগৰত চলিল। ইজনা বড় ফুকনে নগাঁও পাতিবলৈ. বড় যত্ন কৰিছিল। কছাৰী আৰু জয়ন্তাৰ হাতৰপৰা নগাঁও লোৱা হোৱাৰ পাছত ইয়াক বড় যত্ন কৰি পতা হ’ল। দেশৰ অন্য অন্য ঠাইতো দেশী আৰু বিদেশী লোকৰ বড় সুন্দৰে শৃঙ্খলাকৈ ৰুদ্ৰসিংহ স্বৰ্গদেৱে পতোৱালে। 28 ৰজাসকলৰ প্ৰায় সকলোৰে এই নিয়ম দেখি যে যিজনা ৰজাৰ দিনত আন দেশৰ শত্ৰুৱে সইতে যুদ্ধ নহয় আৰু যিজনাই দেশৰ উন্নতিলৈহে মন দিয়ে সিজনাই নিজ দেশত যি উন্নতিৰ কাৰ্য্য কৰে, তাত অভিলাষ পূৰ্ণ নহয়। অন্য দুৰ্ব্বল দেশৰ প্ৰতি আক্ৰমণ কৰি সেই দেশ লবলৈ ইচ্ছা কৰে। আমালোকৰ চুবুৰীয়া কছাৰী ও জয়ন্তা দেশৰ অবস্থা সেই কালত দুৰ্ব্বল আছিল। ই দুই দেশ আক্ৰমিবলৈ ইচ্ছা কৰি ১১৩৩ শুঁকত নগাঁওৰ মিছামুখ বাহৰলৈ স্বৰ্গদেৱ আহিল। এইজন ৰজাৰেই পদধূলি নগাঁও প্ৰথমে পড়ে। প্ৰথমে কিছুমান সৈন্য জয়ন্তালৈ পঠোৱা হ'ল। জয়ন্তাৰ ৰামসিংহ ৰজাই বিপদ আশঙ্কা কৰি মিত্ৰতা কৰিবলৈ নিজে মিছামুখৰ বাহৰলৈ আহিবলৈ ধৰিলে। আমাৰ সৈন্যে ই কথাত মান্তি নহ'ল। ৰামসিংহে আহিবৰ সময়ত পুত্ৰ দুটিক এই কথা কলে বোলে যদি আহোমৰ সৈন্য দেশ আক্ৰমিবলৈ কাৰবাৰ কৰে, তেনেহলে তেওঁলৈ অপেক্ষা নকৰি নীতি মতে দেশ ৰক্ষা কৰিবলৈ যেন যত্ন কৰে। যদিচ ৰামসিংহ অসম দেশলৈ আহিল তথাপি আমালোকৰ সেনাপতিয়ে জয়ন্ত৷ আক্ৰমিবলৈ পুৰুষাৰ্থ নকৰি নাথাকিল।