পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী নদীয়া শান্তিপুৰৰ সমীপবৰ্ত্তী শিমলা মালিপোতা নামে গ্ৰামত কৃষ্ণৰাম ন্যায়বাগীশ ভট্টাচাৰ্য্য নামে এজনা বড় পণ্ডিত আছিল। বঙ্গাল দেশৰ প্ৰসিদ্ধ শোভাকৰ বংশৰ সন্তান। এনে কথা ৰাষ্ট্ৰ আছে বোলে তেওঁবিলাকৰ পূৰ্ব্বপুৰুষ কোনো এজনে এট৷ পুখুৰীত সন্ধ্যা কৰি থাকোতেই তেওঁক এটা শিঙ্গৰ৷ মাছে খুটিয়ালে। সেই কালৰ সেই ভট্টাচাৰ্য্যে শাপ দি সি পুখুৰীৰ সমুদায় শিঙ্গা মাছ মাৰিলে। এই হেতুকে এওঁবিলাকক “টেঙ্গৰা মৰা” বা “শিঙ্গৰা মৰা ভট্টাচাৰ্য্য” বোলে। কৃষ্ণৰাম ভট্টাচাৰ্যে ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ প্ৰথমে ইচ্ছা নকৰিছিল। পিছে ৰুদ্ৰসিংহৰ দেশতেই যে কামাখ্যা তীৰ্থ, ইয়াকে জানি নদীয়াৰ কৃষ্ণচন্দ্ৰ ৰজাৰ পিতৃৰ অনুমতি লই ই দেশলৈ আহিল। স্বৰ্গদেৱৰ এনে অনুমান আছিল যে ভাটীৰপৰ৷ যিজন৷ ভট্টাচাৰ্য্য তেওঁক শিষ্য কৰিবলৈ আহিব, সিজন। সামান্য মানুহ নহয়। 'দেৱযোনীৰ লোক, ভট্টাচাৰ্য্যৰ ঘৰ পবিত্ৰ তীৰ্থ গঙ্গাতীৰত হোৱাৰ নিমিত্তে তেওঁৰ সি বিশ্বাস আৰু দৃঢ়তৰ হ’ল। পাছে গঙ্গাদেবীক নিজ দেশৰ ভিতৰ কৰিবলৈ ইচ্ছা কৰি স্বয়ং ভাটীলৈ যাবৰ নিমিত্তে উদ্যোগ কৰিলে। কৃষ্ণৰাম ভট্টাচাৰ্য্যে সইতে ইয়াৰ মাঝতে ৰজাৰ সাক্ষাৎ হোৱাত তেওঁৰ সেই বিশ্বাস গুছিল আৰু তেওঁকে৷ মানুহ যেন জানি স্বৰ্গদেৱে তেওঁৰ শিষ্য হবলৈ অনিচ্ছা প্ৰকাশ কৰিলে৷ ভট্টাচাৰ্য্যে নৈৰাশ হই অপমানিত বোধ কৰি ভটীয়াই আহিল। ৯৬ এনে কথা প্ৰকাশ আছে বোলে যেতিয়াই ভট্টাচাৰ্য্য ভাটীৰ ফালে আহিবলৈ ধৰিলে, তেতিয়াই দেশত নানা উৎপাত, অমঙ্গল হবলৈ ধৰিলে। প্ৰায় নেড়ানপড়াকৈ তিন দিন ভূমিকম্প হয় আৰু কোনো কোনো মন্দিৰৰ কলসী ভাঙ্গি পড়ে। মন্ত্ৰীসকলে ৰজাক এই প্ৰবোধ দিলে যে ভট্টাচাৰ্য্য মহাপুৰুষ, সাক্ষাৎ দেবীৰ পুত্ৰ৷ তেওঁ অপমানিত হোৱাৰ কাৰণেহে দেশত এনে উৎপাত মিলিছে। ৰজাই লোক পঠাই ভট্টাচাৰ্য্যক বাটৰ পৰ৷ নিয়ালে আৰু তেতিয়াহে উপদ্ৰৱ গুছিবলৈ ধৰিলে। ভট্টাচাৰ্য্য যে প্ৰকৃত সাধু ইয়াৰ পৰীক্ষা কৰিবলৈ স্বৰ্গদেৱে এই আজ্ঞা দিলে যে দেশৰ ব্ৰাহ্মণাদি ভাল ভাল লোকসকলে যাৰ ইচ্ছা আগেয়ে সিসকলে তেওঁৰ শিষ্য হওক, আৰু পাছে