পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নবম অধ্যায় বঙ্গাল দেশত কয় গই, কিয়নো তাৰ এই দেশত থকাৰ কাল প্ৰায় ন বছৰমান হ’ব। জয় সাগৰৰ দ'ল ও পুখুৰীৰ নাম ডাঙ্গ আৰু ডিমোৰ শিল সাঁকে৷ আৰু কেইবাটাও আলি এইজন৷ ৰজাদেৱৰ দিনতে কৰা হ’ল। এইবিলাক কাৰ্য্য কৰোঁতে ভিন্ন দেশৰ ৰজাসকলে সইতে ৰুদ্ৰসিংহ ৰজাই মিত্ৰতা কৰিছিল। এনে কথা চলিত আছে বোলে পঞ্জাবৰ অমৃতসৰৰ ৰজা, বঙ্গাল দেশৰ নবাব আৰু কাশ্মীৰৰ ৰজা ও অয্যোধাৰ নবাবে সইতে পত্ৰেৰে মিত্ৰতা কৰা হইছিল আৰু সেই সেই দেশৰ ৰজাৰ ত’ৰ পৰা উকীল বা কটকী আহিছিল। মধ্য ভাৰতবৰ্ষৰ বন্দেল খণ্ডৰ অধিপতিলৈকে৷ পত্ৰ লেখা হইছিল। তাৰপৰা হিৰ৷ আনিবলৈ আৰু আন আন দেশৰপৰা মুক্তা পান্না, হিৰা প্ৰভৃতি ভাল ভাল বস্তু আনিবলৈ কেতবিলাক মানুহক পঠোৱা হইছিল। সেইসকলৰ পৰাই খাওন্দ বৈৰাগীৰ খেল সৃষ্টি হ’ল। হিন্দুস্থানৰ পৰা সেই খাওন্দসকলে গীত গাব, নাচিব, আৰু ৰজাৰ পৰা মানুহ কেতবিলাক আনে। ই দেশৰো এজন লোক দিল্লীলৈ গই পাখোৱাজ প্ৰভৃতি বজাবলৈ আৰু গীত গাবলৈ শিকি আহে। কমাৰ, কঁহাৰ, সোণাৰী, দৰ্জী, এনে অনেক শিল্পকাৰ মানুহ স্বৰ্গদেৱে ভাটীৰ পৰা অনাই দেশত পাতে আৰু সকলোকে বড় অনুগ্ৰহ কৰিছিল। এইজন৷ স্বৰ্গদেৱৰ বিদ্যাশিক্ষাৰ প্ৰতি বড় আগ্ৰহ আছিল। ঠায়ে ঠায়ে ব্ৰাহ্মণসকলৰ নিমিত্তে পঢ়াশালি পতাই দিলে। এবং পণ্ডিতসকলক বড় আদৰ কৰিছিল। ভাটীৰ পৰাও পণ্ডিত ব্ৰাহ্মণ অনাই দেশত পাতিলে আৰু এই দেশৰ ব্ৰাহ্মণৰ কোনো কোনো ল'ৰাকো ভাটীলৈ পঢ়িবলৈ পঠাইছিল। মহাজন- বিলাকৰ সত্ৰতো ল’ৰাবিলাকক পুথী পঢ়োৱাৰ নিমিত্তে বড় উৎসাহ দিছিল। হাতীৰ যুদ্ধ আৰু চৰাইৰ যুদ্ধ, মালৰ, আৰু আন আন অনেক ন ন বিদ্যা এই দেশত এইজন৷ ৰজাই চলালে। গদাধৰ সিংহ স্বৰ্গদেৱৰ দিনতে যি পিয়ল আৰম্ভ হয় সেই পিয়ল এইজন৷ স্বৰ্গদেৱৰ দিনত প্ৰায় সমাপ্ত হয়। ইয়াৰ দ্বাৰাই দেশৰ আয় উৎপন্ন আৰু সকলো কথা স্বৰ্গদেৱৰ হাতৰ তলুৱাত হ’ল। স্বৰ্গদেৱে নিজে