পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নবম অধ্যায় গদাধৰ সিংহ স্বৰ্গদেৱৰ লাই আৰু লেচাই নামে দুজনা কোঁৱৰ আছিল। সেই দুজনাৰে গোঁহাইদেৱ ১৯১৭ শুঁকৰ ১৪ ফাল্গুনত ৰজা হ’ল। আৰু গৰগাঁও নগৰতে শিঙ্গৰী ঘৰত উঠি হিন্দুমতে ৰুদ্ৰ- সিংহ আৰু আহোমমতে চুখঈফা নাম গ্ৰহণ কৰিলে। যিসকল মহন্তক বচা চেউনী আদিত পিতৃ ৰজাই পাতিছিল, সিসকলৰ অনেকৰ ডাঙৰীয়াসকলত খাটনী আছিল। কেতবিলাকৰ আকৌ আন আন মহন্তে সইতে মিত্ৰতা আছিল আৰু সিসকলৰ উদ্যোগত স্বৰ্গদেৱ শিঙ্গৰী ঘৰত উঠিবৰ দিন৷ নিৰ্ম্মালি দিবলৈ যোৱা মহন্তসকলে এই ভিক্ষ৷ খুজিলে বোলে যেনে তেনে প্ৰকাৰে মহন্ত নাম ধৰি যিসকলে একো কঠ৷ চাউল খাই আছে সিসকলক পাতিব লাগে। মন্ত্ৰী ও আন আন লোক সকলেও সেইৰূপে স্বৰ্গদেৱক জনোৱাত স্বৰ্গদেৱ তাতে মান্তি হ’ল। সমুদায় মহন্তসকলক মাজালীত পাতিবলৈ আজ্ঞ৷ দিয়৷ হ’ল। আৰু সকলোবিলাকক বড় সৰু ক্ৰমে মৰ্য্যাদ৷ দিয়াও হ’ল। তেতিয়াৰ পৰাহে এনে বিবেচনা হ’ল যে মহন্তসকলৰ গুড়ি ঠাই মাজালী আৰু যাৰ মাজালীত ঠাই নাই, সিসকলক ন মহন্ত বুলি জনা যায়। মহন্ত- সকলক এইৰূপে শ্ৰেণীবদ্ধ কৰোঁতে বড় শ্ৰম হইছিল। অনেক মহন্তৰ চাউল মৰা হ’ল হয় কিন্তু তাৰ দ্বাৰাই সিসকলৰ বিশেষ হানি নহ'ল। কিয়নো, সেইসকলে বড়া, শয়কীয়া ইত্যাদি বিষয় পালে। এইজনা ৰজাদেৱৰ দিনত বাহিৰৰ কোনো বিগ্ৰহ নাছিল। এই নিমিত্তে তেওঁ দেশৰ উন্নতিৰ প্ৰতি বড় মন দিবলৈ সময় পালে। মেটেকা নামে ঠাইত ৰঙ্গপুৰ নামে নগৰ কৰি তলাতল ঘৰ নামে এটা পকী ঘৰ কৰালে। এনে প্ৰবাদ আছে বোলে বঙ্গাল দেশৰ পৰা ঘনশ্যাম নামে এজন মিস্ত্ৰী অনাই এই তলাতল ঘৰ কৰোৱা হ'ল। পাছে যেতিয়া 4) ঘৰ সম্পূৰ্ণ হ'ল তেতিয়া সেই মিস্ত্ৰীক প্ৰাণ দণ্ড কৰা হ’ল। তাৰ কাৰণ এই আছিল যে পাছে সি গই ই দেশৰ অৱস্থ৷ ভালকৈ