পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম অধ্যায় দেশৰে৷ নাম ৰাণী হ’ল। এই ৰাণীক বিশেষ ৰাজ মৰ্য্যদা দিয়া হইছিল। আন আন যি লোকে ৰজাক সেই অজ্ঞাত বাসত সহায় কৰিছিল সি- সকলকে৷ তেওঁ বিশেষকৈ লোক বিবেচন৷ কৰি বঁটা দিছিল পাছে সম্পূৰ্ণ ১৪ বছৰ ১০ মাহ ১৩ দিন ৰাজ্য ভোগ কৰি স্বৰ্গদেৱ ১৬১৭ শুঁকত ১৩ ই ফাগুন কৃষ্ণা চতুৰ্থীত স্বৰ্গী হ'ল। গদাধৰ সিংহ স্বৰ্গদেৱ বড় বাহুবলী ও শকত মানুহ আছিল। তেওঁৰ ভোজন শক্তি এনেহে আছিল যে প্ৰতিদিনে এটি এটি দমৰা পোৱালি খাইছিল। কিন্তু আস্বাদনত বড় পটু নাছিল। ৰজা হোৱাৰ পূৰ্ব্বে যেনে বস্তু খাইছিল ৰজা হইও তাৰ প্ৰতিহে মন আছিল। তেওঁৰ বড় সঙ্কীৰ্ণ স্বভাব আছিল যে কাতো তেওঁ পেটৰ কথা নকয়, তেওঁৰ ইচ্ছা যে তেওঁৰ পৰিচাৰক- সকলে এনেই তেওঁৰ মন বুঝি কাৰ্য্য কৰোক্ যেতিয়া তেওঁ ৰাজপদ পালে তেতিয়৷ আন ৰজাসকলৰ দৰে চাঙ্গমাইবিলাকে ভোজনৰ আয়োজন আৰু সামগ্ৰী দিয়াত খোৱাৰ আম্বাদ নাপাই তেওঁ অনেক চাঈমাইক মাৰিলে শেষত এক বুদ্ধিমন্ত চাঙ্গমাইয়ে তেওঁৰ প্ৰিয় খাদ্য ৰঙ্গ৷ আহু চাউলৰ ভাত আৰু দমৰা পোৱালি খাৰেৰে ৰান্ধি দিয়াত সেই দিনাৰ পৰাহে তেওঁৰ সন্তোষ হ’ল আৰু চাঈমাই কাটিবলৈ এড়িলে। স্বৰ্গদেৱৰ ইমানহে বল আছিল যে লড়ি অহা হাতীক দাঁতত ধৰি ৰাখিছিল। বলী মানুহবিলাকক প্ৰায় নিৰ্দয়, ক্ৰুৰ আৰু নিমৰমীয়াল দেখি। এইজন৷ স্বৰ্গদেৱৰ যে সেই স্বভাব আছিল তাৰ প্ৰমাণ চাঙ্গমাই-- বিলাকক অকাৰণত কটা আৰু শালত দিওঁতাৰ ফলীয়৷ অনেকক ভুৰ বান্ধি উটাই দিয়াৰ দ্বাৰা জানিব পাৰি। বাহুল্যৰূপে ৰাজনীতি চালে এই দুটিৰ শেষৰ কাৰ্য্যৰ কিছুমান ৰক্ষা কৰিব পাৰি, কিন্তু প্ৰথমৰ কাৰ্য্যটিত কোনো মতে তেওঁক ক্ষেমিব নোৱাৰি।* ৯১

এনে কথা প্ৰচাৰিত আছে বোলে গদাধৰ সিংহ স্বৰ্গদেৱৰ কোপ দৃষ্টি মহন্ত সকলৰ ওপৰত পড়াত অনেক ব্ৰাহ্মণ যিসকলে মহন্তৰ শাৰী লবলৈ উদ্যোগ কৰিছিল বা কৰিবলৈ উপক্ৰম কৰিবলৈ ধৰিছিল সেইসকলে দেশ এড়ি বিদেশলৈ গ'ল। ৰাজশাহী জিলাৰ বড়ল নদীৰ ওচৰত কেতবিলাকৰ ব্ৰাহ্মণ আছে। সেইসকলৰ অনেকেই এই সময়তে কামৰূপ এড়ি তাত বাস কৰি থকা লোকৰ সন্তান। এই ব্ৰাহ্মণ সকলক এতিয়াও “কামৰূপী বৈদিক” বোলে।