পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী ও তেওঁবিলাকৰ শিষ্যসকলে পতা অনেক মহন্ত হই দেশৰ চাৰিওফালে হিন্দু ধৰ্ম প্ৰবৰ্ত্তাবলৈ ধৰিলে। অনেকে কোনো মহন্তৰ পৰা কোনো নিৰ্ম্মালি আদি লই মহন্ত নোহোৱাকৈ মহন্ত নাম লই সত্ৰ পাতিবলৈ ধৰিলে। যিসকল আগৰ মহন্ত সিসকলৰ অনেকে ৰজাত পদৰ গৌৰব আৰু ধৰ্ম্মৰ প্ৰতি দৃষ্টি কৰিবলৈ কলে। গদাধৰ সিংহ স্বৰ্গদেৱক বড় ফুকনে যেতিয়া উজাই লই আহে, তেতিয়া তেওঁ মহন্তৰ পৰাক্ৰম দেখিছিল। বিশেষ দেশত আলি-পুখুৰী ইত্যাদি কৰাবলৈ ধৰাত পাইকৰে৷ সংখ্যা বড় কম পালে। অনেকেই মহাজন বা ভকত বুলি কাৰ্য্য নকৰিলে এইবিলাক কাৰণত থাকি অনেক মহন্তক স্বৰ্গদেৱে চেউনীচা আদি ঠায়ে ঠায়ে দূৰৈকৈ পাতিলে আৰু অনেক মহাজনে কোৰ লই আলিৰ বন কৰিব লগা হইছিল। ১০ সন্দিকৈ বড়ফুকন গুৱাহাটীতে থকাত ৰঙ্গামাটিৰ মুসলমান সেনাপতি মঞ্চল খাঁ নবাবে অনেক সৈন্য লই অসম দেশ আক্ৰমিবলৈ ১৬০৫ শুঁকত উজাই আহিল। শুক্ৰেশ্বৰৰ ইটাখুলী পৰ্য্যন্তে মুসলমানৰ সৈন্য যায়। সন্দিকৈ বড় ফুকনে মুসলমানৰ সৈন্য অহা জানিও কাণসাৰ মাৰি থাকি আপোনাৰ সৈন্য যুগুত কৰিছিল। পাছে সেই ইটাখুলীত এক বড় যুদ্ধ হয়, তাতে বড়ফুকনে নবাবক পৰাস্ত কৰি ৰঙ্গামাটি পৰ্য্যন্তে বঙ্গাল খেদি থলে। এই অবধি আহোমৰে বঙ্গালৰে ৰণ নহ'ল। এই ৰণৰ পৰা বড়ফুকন উলটি আহি মানাহাকে অসম ও বঙ্গাল দেশৰ ধৰ কৰি ৰাখিলেহি। ই ৰণৰ পাছতে গদাধৰ সিংহে সমুদায় দেশত পিয়ল কৰিবলৈ আজ্ঞা দিলে। তেওঁ যেতিয়| কামৰূপৰ বামুণৰ ঘৰত বহুৱ৷ হই আছিল তেতিয়া মুসলমানহঁতৰ দিনৰ পৰ্ব্ব চলি থকা পিয়লৰ পৰা প্ৰজাৰ কিমান সুখ তাক জানি সেই নিয়ম চলালে। আৰু এই কাৰ্য্য কৰিবলৈ কেঁাঁচবেহাৰ ও বঙ্গালদেশৰ পৰা কেইবাজনে| কাকতী অনায়। কিন্তু পিয়লৰ কৰ্ম্ম এইজনাৰ দিনত আৰম্ভন মাত্ৰ হ’ল শেষ হবলৈ নাপালে। এনে প্ৰবাদ আছে বোলে যিজনী গাৰোৱানীৰ ঘৰত স্বৰ্গদেৱ পূৰ্ব্বে পলাই আছিল, সিজনীক সেই দেশৰ ৰাণী পাতিলে। আৰু সেই গাৰোৱানীৰ স্বামী নাছিল, সেই নিমিত্তে ৰাজাভাৰ দিয়াৰ বাবে সি