পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম অধ্যায় সকলোৱে ১৬০৩ শুঁকত গদাপাণিক ৰজা বুলি সেৱা কৰিলে শেষত ল’ৰা ৰজাক যোগান দি নামৰূপত থলে। পাছে এবাৰ গদাপাণি ৰজাৰ জোহ আচৰিবলৈ ধৰাত ল’ৰা বজাক প্ৰকাৰান্তৰে মৰালে। এওঁৰ ভোগ দুবছৰ। এইজন| জ৷ অতি দুৰ্ব্বল অথচ লোভী মানুহ আছিল, এই হেতুকে তেওঁ সৰহ দিন ৰাজত্ব কৰিবলৈ নাপালে। ১৬০৩ শুঁকত গদাপাণি সিংহাসনত উঠে। তেওঁক ৰজা হবলৈ যি সকলে সহায় কৰিছিল, সিসকলৰ প্ৰতি তেওঁৰ নিচেই বিশ্বাস নাছিল কেবল সিংহাসনত দৃঢ়তৰ হবলৈহে সিসকলে সইতে ব্যৱহাৰ কৰিছিল। শিঙ্গৰী ঘৰত নুঠিলে ৰজা স্থিৰতৰ নহয় এই দেখি বৰকলাত নগৰ কৰি গদাপাণি শিঙ্গৰী ঘৰত উঠি আহোম মতে চুপাতফা আৰু হিন্দুমতে গদাধৰ সিংহ নাম ললে। এইৰূপে ৰাজ্যাভিষিক্ত হই আগৰ তিনিজন৷ ডাঙ্গৰীয়া ও বড় বড়ুৱাক অবসৰ কৰি আপোনাৰ ইচ্ছামতে নকৈ সি সি ফৈদৰপৰা ভাল ভাল মানুহ বাছি লই সেই সেই পদত নিয়োজন কৰিলে। এজনা ৰজা পাটত বহি থাকোতেই আন এজনক পাতি ড্ৰোহ চিন্তা আৰু উদয়াদিত্য ৰজাৰ দিনৰে পৰা যিসকল লোকে দেশত হুলস্থূল লগাইছিল, তাৰে জীয়াই থকা কিছুমান লোকক ৰাজদ্ৰোহী বুলি আপোন আপোন পদৰ পৰ| অবসৰ কৰি শালত দি ভুব বান্ধি উটাই দিলে। এই ঠাইক শালমৰা মুখ বোলে। বন্দৰ বড় ফুকনৰ বিশেষ সাহায্যতে গদাধৰে ৰজা হোৱা বাবে তেওঁক প্ৰাণে নেমাৰি, তেওঁৰ দ্ৰব্য বস্তু লুটি ৰজাৰ ঘৰলৈ আনিলে এবং কৰ্ম্মৰ পৰা অবসৰ কৰিলে। কথিত আছে বোলে বন্দৰ বৰফুকনৰ বংশত দক্ষিণপটীয়৷ গোঁসাইৰ শাপৰ দ্বাৰাই আৰু কোন বড় ফুকন নহ'ল। আৰু সিজন৷ দক্ষিণপটীয়৷ গোঁসাইৰে৷ বংশত কোনোৱে বড় ফুকনৰ শাপত৷ অধিকাৰী- পদ নাপালে। সন্দিকৈ ফুকনক গুৱাহাটীলৈ বড় ফুকন পাতি পঠালে। নকৈ মন্ত্ৰী আৰু বিষয়৷ লোৱাৰ পাছত ৰজাই দেশৰ উপকাৰৰ নিমিত্তে মদ দিবলৈ ধৰিলে। ধোদৰ আলি প্ৰভৃতি কেইবাটাও আলি আৰু পুখুৰী খনালে। দুঠাইত দুখন শিল সাঁকে। কৰালে। শঙ্কৰ আৰু মাধৱদেৱৰ দিনৰে পৰা তেওঁবিলাকে ১২ ৮৯