পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী ঘৰত থাকি তাতো নিব্বিঘ্ন হেন নেভাবি ৰাণীলৈ গ'ল। এনে কথা কোৱা আছে যে ৰাণীৰ এজনী গাৰোৱানীৰ ঘৰত থাকিল গই। এই সকল ঠাইত গদাপাণিয়ে অতি সামান্য বেশে থাকি ক্ষেতি কৃষি কৰিছিল। দুৰ্ব্বল ল’ৰা ৰজাৰ দৌৰাত্ম্যত দেশৰ প্ৰধান প্ৰধান লোকসকলৰ বড় বিপত্তি হ’ল। কোনো লোকে কোনো কোঁৱৰক সহায় দিছে, এইটোৰ অলপ উনুকিয়নী পোৱাতে অবিচাৰত ৰজাই অনেক লোকৰ ধন প্ৰাণ হৰণ কৰিছিল। দেশৰ প্ৰায় সকলোৱেই কেনেকৈ ৰজাৰ হাতৰ পৰা ৰক্ষা পায়, তাকেহে চিন্তিছিল। ল’ৰা ৰজাৰ দুৰ্ব্বলতাক গদাপাণিৰ সবলতাই দাৰ্মব পাৰিব যেন ভাবি সকলোৰে তেওঁৰ প্ৰতিহে চকু হ'ল। সলাল গোঁহাইৰ পৰা বন্দৰ ফুকনে গদাপাণিৰ বাৰ্ত্ত৷ পাই তেওঁক বিচাৰিবলৈ আজ্ঞা দিলে। আৰু তেওঁৰ লুকাই থকা ঠাইত বিচাৰি পাই বড় ফুকনে আপোনাৰ ঘৰলৈ নিলে, এবং গৰগাঁওলৈ এই বাৰ্ত্তা পঠালে৷ ল'ৰা ৰজাই এই বাৰ্ত্ত৷ পাই বন্দৰ বড় ফুকনক ভাঙ্গিবলৈ মন্ত্ৰণা কৰিলে। বড় ফুকনে ইয়াক বুঝ পোৱাৰ পূৰ্ব্বেই প্ৰকাশ্যৰূপে গদাপাণিক ৰজা পাতিবলৈ উজাই আহিল। বাটত আহোঁতে সকলোৱে গদাপাণিৰ ফলীয়া হ'ল। সৰিয়হতলীৰ ঘাটতে অনেক ফুকন ডাঙৰীয়া ও প্ৰধান লোক সকলে গদাপাণিক ৰজা বুলি সেৱা কৰিলে। বড় ফুকনৰ গুৰু দক্ষিণ পটীয়৷ গোঁসাইয়ে ল'ৰাৰ প্ৰতি দ্ৰোহ নাচৰিবলৈ অনেক কোৱাতো বড় ফুকনে তাক নামানিলে। এনে কথিত আছে বোলে গোঁসাইৰ কথা নুশুনাত গোঁসাইয়ে বড় ফুকনক হতশ্ৰী হবলৈ শাপ দিলে, আৰু গোঁসাইকো বড় ফুকনে সেইৰূপে শাপ দিলে। ল'ৰ৷ ৰজাদেৱে আপোনাৰ শেষ দশা জানি গদাপাণিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ উদ্যোগ কৰিলে, কিন্তু সেই উদ্যোগ কৰি থাকোঁতেই বন্দৰ বড় ফুকনে নগব পালে গই আঁক কিছু মান সৈন্য ও প্ৰধান প্ৰধান লোকসকলে সইতে বড় চ’ৰাৰ মুখ পালে গই। আলন বুঢ়া বড় বড়ুৱাত বিনে সকলোৱে গদাপাণিক ৰজা মানি সেৱা কৰিলে। ইফালে বড় ফুকনৰ মানুহে ল’ৰ৷ ৰজাক বন্দি কৰি স্থানান্তবলৈ খেদালত, সেই বড় চ'ৰাতে