পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম অধ্যায় পাতিছিল। ৰজা হয়। তাৰে ৪ জনাক বিষ খুৱাই শৰীৰ তেনে হৃষ্ট পুষ্ট নথকাত এওঁৰ আৰু এটি নাম ল’ৰা ৰজা। শোলা বড় ফুকনে এই বাৰ্তা বুজ পাই নগৰলৈ অহা মাধ ভোতাই নামে এজন লোকে বুঢ়া গোঁহাই ডাঙ্গৰীয়াৰ আজ্ঞা অনুসাৰে তেওঁক কাটিলে। তেওঁৰ ভায়েক ভাবধৰাক বড় ফুকন বিষয় দি গুৱাহাটীলৈ পঠালে। কামৰূপত যি অলপ বঙ্গাল আছিল তাক খেদাবলৈ যত্ন কৰোঁতেই প্ৰায় কাৰ্য্যতে তেওঁৰ দুৰ্ব্বলতা প্ৰকাশ পালত গুৱাহাটীৰ পৰা ৰজালৈ সম্বাদ যাওঁতে ভাবধৰা ফুকনে ভবিষ্যৎ ভাবি পলাই গ'ল।' পাছে লান মাথুৰ বন্দৰক বড় ফুকন পতাত তেওঁ গুৱাহাটীলৈ গ'ল + আৰু বড় প্ৰতাপেৰে পূৰ্ব্বৰ মানাহ৷ নদীক সীম৷ স্থিৰ ৰাখিলে। ১৯৫২ শুঁকৰে পৰ৷ কেইবা ফৈদৰো কেইবাজনো ৰজা হ'ল। আৰু মন্ত্ৰীসকলৰ যিজনাই যি ফৈদৰ যাক ভাল পাইছিল, তাকে ৰজা এই কালৰ ভিতৰতে ছজনা মন্ত্ৰীসকলে মাৰে। এজনাই আত্মঘাতী হই প্ৰাণ ত্যাগ কৰে। কেৱল এজনাহে স্বাভাবিকৰূপে মৃত্যু হয়৷ ৰজাৰ ফৈদবিলাকৰ কোঁৱৰৰ সংখ্যা ক্ৰমে অধিক হ’ল। আৰু এজন ৰজা হই থাকোতে এক ফৈদৰ এজন৷ কোঁৱৰে তলে তলে মন্ত্ৰী- সকলে সইতে মন্ত্ৰণা কৰি দ্ৰোহ পাতি ৰজাসকলক প্ৰাণে মৰোৱাত ৰাজ্যত হুলস্থুল হৈছিল। এই কাৰণে ল’ৰা ৰজাই কেঁাঁৱৰ পালেই তেওঁৰ অঙ্গক্ষত, ও তাৰে মুখ্য হলে মাৰি পেলাবলৈ আজ্ঞা দিলে। সাধাৰণ অনেক কেঁাঁৱৰৰ এইৰূপে অঙ্গক্ষত কৰা হ'ল। আৰু কাকে৷ মৰাও হ’ল। তুঙ্গখুঙ্গীয়া ফৈদৰ গোবৰ ৰজাৰ কোঁৱৰ লাঙ্গি গদাপাণি বড় বাহুবলী বুলি বিখ্যাত আছিল। যাৰ ওপৰত কেঁাঁৱৰ ধৰাৰ ভাৰ আছিল, সিসকলে গদাপাণি কোঁৱৰকহে বড় আক্ষেপকৈ বিচাৰ কৰিলে। গদাপাণি কোঁৱৰে এজনী মুসলমান পোহাৰীৰ ঘৰত কিছুমান দিন পলাই থাকে। তাতে ধৰা পৰিবৰ শঙ্কা কৰি তেওঁ ভটীয়াই গ'ল। যাওঁতে বাটত সলাল গোঁহাইয়ে পৰিচয় পাই ৰাজযোগ্য হেন দেখি ভটীয়াই কামৰূপলৈ যাবলৈ অনুমতি দিলে। আৰু ছল পালে তেওঁৰ ভিনিহীয়েক বন্দৰ বড় ফুকনৰ সহায় লবলৈ কলে। গদাপাণিয়ে ই মন্ত্ৰণাক দৃঢ়ৰূপে মানি কামৰূপলৈ গ'ল। প্ৰথমে তাৰে এঘৰ ব্ৰাহ্মণৰ ঘৰত আৰু তাৰ পাছে চান্দকুছীয়া বড় ৱাৰ b9;