পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী বুঢ়া গোঁহাই দুয়ে৷ আকৌ দিহিঙ্গীয়া ফৈদৰ চুজিন্‌ফাক আনি বজ| পাতিলে। চিতামণিগড় নামে যে উজনিৰ প্ৰসিদ্ধ গড় তাক ইজনা বুঢ়া গোঁহাইয়ে ৰজাদেৱৰ আজ্ঞানুসাৰে বন্ধালে। যদিচ এইজনা বুঢ়া গোঁহাইয়ে চুজিন্‌ফাক ৰজা পাতিছিল তথাপি ৰজাৰ এইটি আশঙ্কা আছিল যে তেওঁ যেতিয়া পাতিব পাৰিলে ঘূৰি আকৌ ভাঙ্গিবও পাৰিব। ই কথা বুঢ়া গোঁহাইয়ে গম পাই ৰজা আৰু মন্ত্ৰী দুয়োৰে৷ মনত দুইলৈকে৷ শঙ্কা হ’ল। কিন্তু ৰজা নিতান্ত দুৰ্ব্বল আৰু’মন্ত্ৰী সবল। ৰজাৰ হিত চিন্তা কৰা কোনো মানুহ নথকাত “বুঢ়া গোঁহাইয়ে মাৰিব খোজা বুলি জানি আপুনি শিলত মূৰ আফালি ৰজাদেৱে প্ৰাণ এড়িলে। এওঁৰ দুই বছৰ ন মাহ পঁচিশ দিন মাত্ৰ ভোগ। ১৫৯৯ শঁকত চুজিন্‌ফাৰ মৰণ হোৱাত তেওঁৰ পুতেক ৰজা হ’ব নোৱাৰিলে। পৰ্ব্বতীয়া চুড়ৈফা কোঁৱৰক সি শঁকতে মন্ত্ৰীসকলে সিংহাসন দিলে। এওঁ পৰ্ব্বতৰ নগৰতে শিঙ্গৰী ঘৰত উঠিল হয় কিন্তু হিন্দু মতে একো নাম নললে। এওঁ ভঁৰিকাত বোকা নগৰ নামে এখন নগৰ কৰালে। গুৱাহাটীত শোলা বড় ফুকন আছিল। যদি লাচিত বড় ফুকনৰ দিনৰে পৰ৷ মানাহ্ নদী অসম আৰু বঙ্গালৰ সীমা হই থাকিছে, তথাপি ৰঙ্গামাটিত দিল্লীৰ বাদশাহৰ সৈন্যে সদাই কামৰূপৰ আক্ৰমণ কৰি থকাত্ বড় ফুকনে নিজৰ দুৰ্ব্বলতা ভাবি আৰু প্ৰজাবিলাকৰ হাহাকাৰ আৰু অকাল মৰণ গুছাবলৈ সেই ৰঙ্গামাটিৰ আজমতৰ| নবাবেৰে মিলিবৰ ইচ্ছা কৰিলে। নবাবে পূৰ্ব্বৰ কলিয়াবৰ পৰ্য্যন্ত দেশ নাপালে তুষ্ট নহওঁ বুলি কোৱাত কলিয়াবৰলৈকে দেশ এড়ি দি সন্ধি পত্ৰ কৰি .১৬০১ শুঁকত উজাই গ’ল। যুদ্ধ কৰি বড় ফুকনে যি দেশ ল'লে সি দেশ বিনা যুদ্ধে শোলা বড় ফুকনে এড়ি অহাত বিশেষকৈ ক্ষমতা নোহোৱাকৈ সন্ধি পত্ৰ কৰাত ৰজ৷ প্ৰজা সকলোৱেই বড় ফুকনৰ ওপৰত অতি বেজাৰ হ’ল। বড় ফুকনে ই কথা ভু পাই বঙ্গালৰ বড় বিক্ৰম এইটো বুঝাই কই ৰজাদেৱক পৰ্ব্বতলৈ লই গ'ল। আৰু তাতে তেওঁক বিষ ক্ৰিয়াৰে প্ৰাণে মাৰিলে। এওঁৰ ভোগ ২ বৎসৰ মাথোন। ৰজাৰ মৰণৰ সম্বাদ শুন৷ মাত্ৰকতে নগৰত চামগুড়ীয়া ফৈদৰ চুনিফাক আনি মন্ত্ৰীসকলে ৰজ৷ পাতিলে। এওঁৰ