পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম অধ্যায় নহ'ল। পাছে ১৫৯২ শঁকত বজাদেৱ স্বৰ্গী হ’ল। সি শুঁকতে এইজনা ৰজাদেৱৰ ভ্ৰাতৃ চু্যত ফাই সিংহাসন পাই শিঙ্গৰী ঘৰত উঠি হিন্দুমতে উদয়াদিত্য নাম ললে। পিছে বঙ্গালে সইতে আকৌ যুদ্ধ হয় ভাবি গুৱাহাটী নগৰৰ প্ৰতিহে এওঁৰ দৃষ্টি হ’ল। আৰু কেইব| ঠাইতো গড় আৰু আলি কৰি সি নগৰৰ সৌন্দৰ্য্য বঢ়ালে। উজনিতে৷ বৰাগী আলি নামে এক আলি কৰালে। ইজনা ৰজাদেৱে চামুগুড়ীয়া আতাত শৰণ লই মহাপুৰুষীয়া ধৰ্ম্মলৈ বিশেষ দেখুৱাইছিল। লুথুবাসন ফৈদৰ ভেবেৰাক উদয়াদিত্য বজাই বড় বড়ুৱা পাতিলে, কিন্তু বড় বড়ুৱাই সইতে কোনো কোনো কথাত ৰজাৰ মত বিভিন্ন হোৱাত ১৫৯৪ শুঁকত বড় বড়ুৱাই ভয় পাই গুপ্তৰূপে বিষপান কৰোৱাই ৰজাক মৰালে। এওঁৰ ভোগৰ কালৰ সংখ্যা ২ দুই বছৰ মাত্ৰ। ১৫৯৪ শুঁকত উদয়াদিত্যৰ ভ্ৰাতা চুক্লন্‌ফা

  • সিংহাসন প্ৰাপ্ত হই শিঙ্গৰী ঘৰত উঠি ৰামধ্বজ নাম ললে। এওঁৰ দিনত

বিশেষ কোনো ঘটনা নহ'ল। কেবল ডেবেৰা বড় বড়ুৱাক তুষ্ট কৰিবলৈ তেওঁৰ ভাগিনীয়েক চেংমুনক বড় গোঁহাই পতা হ’ল। ৰজাদেৱ নৰীয়া পড়ি ১৫৯৬ শুঁকত স্বৰ্গী হ’ল। ৮৫ এওঁৰ সন্তান নাথাকিল আৰু ই ফৈদৰ আন কেঁাঁৱৰো নোহোৱাত চামগুড়ীয়া ফৈদৰ চুহুঙ্গক সেই বড় বড়ুৱাই ৰজা পাতিলে কিন্তু ১ মাহ ১৫ দিনতে চুহুং ৰজাক অযোগ্য যেন দেখি সেই বড় বড়ুৱাই বিষ খুৱাই মৰালে। বড় বড়ুৱাৰ এনে মন আছিল যে আকৌ এজন৷ তেওঁ ৰজা পাতি আপুনি দেশ শাসন কৰে। এই নিমিত্তে তুঙ্গখুঙ্গিয়া ফৈদৰ গোবৰ কোঁৱৰক ৰজা পাতিলে। সংসাৰত প্ৰতাপ বা কষ্ট চিৰন্তনীয়া নহয়। বড় বড়ুৱাই নিজৰ প্ৰতাপ বঢ়া হোৱাত আন আন ডাঙ্গৰীয়াসকলক অপমান কৰি থইছিল। ইয়াক বাঁহগৰীয়া বুঢ়া গোঁহাই আৰু শোলা বড় ফুকনে পেটে বড়কৈ লই গোবৰ ৰজা ও ভেবেৰা বড় বড়ুৱা দুইকো একেদিনাই প্ৰকাৰান্তৰে মৰালে। গোবৰ ৰজাৰ ভোগৰ কাল ২০ দিন মাথোন। ভেবেৰা বড় বড়ুৱাক মৰোৱাৰ পৰা দেশৰ মহা উপকাৰ হ'ল। তেওঁৰ হাতত তেওঁৰ উপকাৰী দুজন৷ ৰজাৰ তেজ ৰইছে। তেওঁ মহালোভী ও হিংসুক আছিল। সেই শুঁকতে সেই শোলা বড় ফুকন আৰু বাঁহগৰীয়া