পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় অধ্যায়

 অসম দেশৰ “অসম” নাম আধুনিক। পূৰ্ব্বে ই নাম নাছিল। আৰু এতিয়া যি সীমা ধাৰ্য্য হইছে সিও পূৰ্ব্বে নাছিল। মহাভাৰত, কালিকা- পুৰাণ, ভাগৱত, যোগিনীতন্ত্ৰ প্ৰভৃতিত এই দেশৰ নাম উল্লেখ আছে। কিন্তু তাত “অসম” এই নাম নাই। পুৰাণ প্ৰভৃতি চালে এনেটোহে জানি যে পূৰ্ব্ব কালৰ কামৰূপ, শোণিতপুৰ, হিড়ম্ব, মণিপুৰ আৰু কৌণ্ডিল্য এই কেই দেশৰ অধিকাংশই এতিয়া অসম নামে প্ৰসিদ্ধ হইছে। গুৱাহাটীক পুৰাণত প্ৰাগ্‌জ্যোতিষপুৰ বোলে। ইয়াতে নৰক ৰজাৰ পুত্ৰ ভগদত্তৰ ৰাজধানী আছিল। এই নগৰৰ পশ্চিম দক্ষিণ ফালে নীলাচল পৰ্ব্বতৰ ওচৰত নৰকাসুৰৰ পৰ্ব্বত নামে এটি পৰ্ব্বত আছে। এইটি সেই নৰক আৰু ভগদত্ত ৰজাৰ থকা স্থান বুলি জনঘোষ আছে। এই নৰক ৰজাই কোনো এক সময়ত ষোড়শ সহস্ৰ কন্যা গুৱাহাটীৰ কৰ্ম্মনাশা বা উৰ্ব্বশীৰ মাজালিত লুকাই থইছিল। শ্ৰীকৃষ্ণে নৰকাসুৰক বধ কৰি সেই সকলক লইগল। নৰক ৰজাই নীলাচলৰ খট খটি প্ৰভৃতি নিৰ্ম্মাণ কৰাইছে বুলি লোকে কয়। এওঁৰ পাছত, ভগদত্ত ৰজাই, কুৰু পাণ্ডবৰ যুদ্ধত হাতীৰে পাণ্ডবে সৈতে যুদ্ধ কৰি বড় সাহসেৰে প্ৰাণত্যাগ কৰিলে।

 শোণিতপুৰ এতিয়াৰ তেজপুৰ। ইয়াত সুপ্ৰসিদ্ধ বলিৰাজাৰ বংশৰ বাণৰাজাৰ ৰাজধানী আছিল। তেওঁৰ কন্যা ঊষাক শ্ৰীকৃষ্ণৰ পৌত্ৰ অনিৰুদ্ধে অগ্নিৰ গড়ৰ মাঝেৰে প্ৰবেশ কৰি হৰণ কৰিছিল। তেজপুৰৰ ওচৰত “অগ্নিগড়” পৰ্ব্বত নামে এটা পৰ্ব্বত এতিয়াও আছে। ভৈৰবী নদীৰ তীৰত ৰুদ্ৰেশ্বৰ নামে যে দেৱালয় আছে, সেই দেৱালয় আৰু বিশ্বনাথৰ দেৱালয় এই বাণৰজাই স্থাপন কৰিছে বুলি এতিয়ালৈকে লোকে কয়।

 কৌণ্ডিল্য দেশ এতিয়াৰ সদীয়া অঞ্চল। এই দেশ ৰুক্মিণীৰ পিতা ভীষ্মক ৰজাৰ দেশ। সদীয়াত যি দেবীৰ মন্দিৰ আছে তাৰে পৰা ৰুক্মিণীক