পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আসাম বুৰঞ্জী

বুৰঞ্জিত লেখিছে ইংৰাজী ১৬০৭ শকত এনেহে ভূমিকম্প হইছিল, যে কোনো কোনো সৰু পৰ্ব্বতো তললৈ গইছিল। প্ৰথম বাৰ মান অহাৰ পূৰ্ব্বে এবাৰ ভূমিকম্প হইছিল সিও এনে হইছিল যে লোকে কয় বোলে সেই নিমিত্তেহে দেশত উৎপাত হল। ইংৰাজী ১৮৪৬ শকত এবাৰ বড় ভূমিকম্প হয়। সেই ভূমিকম্প কেইবা দিনো অনেক বাৰ হইছিল। তাতে উমানন্দ দেৱালয়ৰ মন্দিৰৰ ওপৰৰ ত্ৰিশূল ভাঙ্গে। ইংৰাজী ১৮৬৯ সনৰ জানুয়াৰি মাহৰ আদিতে এবাৰ ভূমিকম্প হয়। সিও বড়কৈ হইছিল। এই কেইটাত বাজ আন ডাঙ্গৰ ভূমিকম্পৰ বিষয় এই পৰ্য্যন্ত প্ৰসিদ্ধ হোৱা নাই।[১]

  1. নগাওঁ জিলাৰ ডবকা থানাৰ ওচৰত মাটীৰ তলত এটা মঠ পোৱা গইছে। সেই মঠৰ নিমিত্তেই সেই গাঁও খনকে মঠৰ গুড়ি বোলে। এই মন্দিৰ কোন ভূমিকম্পত যে মাটিৰ তললৈ গইছে এনে বিশ্বাস হয়।