পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আসাম বুৰঞ্জী

শ্ৰীকৃষ্ণে হৰণ কৰি নিছিল বুলি জন প্ৰবাদ আছে। ইয়াৰ ওচৰতে এটি সৰু নদী আছে ইয়াক এতিয়াও কুণ্ডিল নলা বুলি লোকে কয়।

 দক্ষিণ কূলত হিড়িম্ব দেশ। এতিয়াও কাছাৰ বা কছাৰী ৰজাই হিড়িম্বৰ ৰাণী হিড়িম্বাৰ আৰু ভীমৰ পুত্ৰ ঘটোৎকচৰ সন্তান বুলি কয়।

 জয়ন্তীপুৰ বা জয়ন্তাৰ ৰজা আৰু মণিপুৰৰ ৰজা অৰ্জ্জুনৰ পুত্ৰ বব্ৰুবাহণৰ বংশ। এই ৰজাৰ অধীন ঠাইও অসমদেশত পড়িছে। ওপৰত যি দেশ ভাগৰ কথা কলোঁ সেই ভাগ বিলাক যি সময়ত মহাভাৰত আৰু ভাগৱত ৰচনা কৰা হয় সেই সময়ৰহে। পাছে পুৰাণ আৰু তন্ত্ৰৰ সময়ত হলে এই দেশৰ অধিকাংশই কামৰূপৰ সীমাৰ মাঝত পড়িছিল। কৰতোয়া নদী বঙ্গাল দেশৰ ৰঙ্গপুৰ জিলাত আৰু দিককৰবাসিনী বা দিকৰাই নদী উজনিত আছে। এই নামৰ পৰ৷ এইটি উপলব্ধি হয় যে শোণিতপুৰ, হিড়ম্ব, কৌণ্ডিল্য প্ৰভৃতি দেশ ক্ৰমে শক্তি ভ্ৰষ্ট হোৱাত কামৰূপৰ ৰজাই আপোন দেশ সেই সেই সীমালৈকে বিস্তৃত কৰিলে। একেবাৰে এইৰূপ ৰাজ্য বঢ়াব পাৰিছিল এনে ন হয়। ইয়াত সেই সেই দেশে সৈতে অনেক ৰণ বিগ্ৰহ হইছিল। কামৰূপৰ সেই সীমাৰ ভিতৰত ৰঙ্গপুৰ কোঁছবেহাৰ আৰু জলপাইগুড়িও পড়ে। ইফালে ময়মনসিংহ জিলাৰ কিছুমান আৰু শ্ৰীহট্টৰো কিছুমান পড়ে। বস্তুতঃ ময়মনসিংহ আৰু শ্ৰীহট্টৰ কোনো কোনো অংশ যে কামৰূপৰ অধীন আছিল এইটো শীঘ্ৰ বিশ্বাস কৰিব নোৱাৰি। ব্ৰহ্মপুত্ৰৰ উত্তৰ কূলত হলে ৰঙ্গপুৰ, কোঁছবেহাৰ আৰু জলপাইগুড়ি সম্পূৰ্ণৰূপে কামৰূপৰ অধীন। অধিক কি যেতিয়া কোঁছ বংশৰ অধিপত্য হল তেতিয়া কোঁছবেহাৰৰ ৰজাই কামৰূপৰ ৰজা আছিল।

 কালক্ৰমে কামৰূপৰ সীমা লৰচৰ হল। মুসলমান সকলে যেতিয়া কামৰূপ অধিকাৰ কৰে তেতিয়া ৰঙ্গপুৰৰ উত্তৰ পূৰ্ব্বভাগ শাসনৰ নিমিত্তে এতিয়া গুৱালপাড়া জিলাৰ অন্তৰ্গত ৰঙ্গামাটীত এজনা প্ৰধান কাৰ্য্যকাৰক বা নবাব আছিল। তেওঁ বিলাকে সেই ভাগক সৰকাৰ কামৰূপ, সৰকাৰ ঢেকুৰী এইৰূপে চাৰিভাগ কৰিছিল। কোঁছবেহাৰৰ ৰজাৰ যেতিয়া কামৰূপত ৰাজত্ব হয় তেতিয়াও সেই সেই সৰকাৰ থাকে। দক্ষিণ কূলে