পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

48 আসাম বুৰঞ্জী কৰ দিব লগীয়া হোৱাত প্ৰজাৰ পৰা খেলে খেলে ৰূপকৈ কি বস্তুকৈ পঁচা তুলি গোলাঘৰ কৰি থলে, তেতিয়াৰে পৰা গোলাঘৰ দেশত চলিল। মুসলমানৰ উপদ্ৰৱৰ আশঙ্কাত কামৰূপত সুন্দৰকৈ সৈন্য থোৱা হ’ল আৰু ভাল ভাল মানুহক বড় ফুকন আৰু সেনাপতি বাবত ৰখা হ’ল। ১৫৯০ শুঁকত দিল্লীৰ বাদশাহৰ পৰ৷ আগৰ বাবৰ কৰ সাধিবলৈ উকীল অহাত চক্ৰধ্বজ ৰজাই এই বুলি কৰ দিবলৈ অস্বীকাৰ কৰিলে বোলে মীৰজুম্‌লাই মিত্ৰ কৰি ৰাজ্য দিহে গইছে। বাদশাহাই ইয়াতে অপমান পাই অনেক সৈন্য পঠায়।*. সেইসকলে ক্ৰমে উজাই আহি গুৱাহাটী ভাটী সৰাই চকী পালেহি। এখেৰ পৰা মোমাই তামুলী বড় বড়ুৱাৰ পুতেক লাচিত বড় ফুকন হই গই সৰাইতে বাদশাহৰ সৈন্যে সইতে যুদ্ধ হ’ল। তাতে বঙ্গালৰ সৈন্যে ঘাটী ভটীয়াই গ'ল। লাচিত বড় ফুকনে বঙ্গালক খেদি নিলে। আৰু গুৱালপাড়াৰ সিপাৰৰ মানাহা নদীকে বঙ্গাল আৰু আমাৰ দেশৰ মাঝত সীমা নিৰ্ব্বন্ধ কৰ৷ হ’ল। ই সীমা আজিলৈকে স্থিৰ হই আছে। প্ৰথমে লাচিত বড় ফুকনে যোগীঘোপাৰ ভাটীত এক নগৰ পাতি তাৰ নাম আসাম নগৰ দিলে। কিন্তু মানাহাৰ সীম৷ স্থিৰ হেন দেখি আসাম 'নগৰ এড়ি আহি মানাহাৰ ওচৰৰ লুইতৰ দাঁতি হাদীৰাত অসম আৰু বঙ্গাল দেশৰ সীমা স্থিৰ ৰাখিবলৈ চকী ও ঘাট পাতি সীমাৰক্ষক সৈন্য থলে। এনে কথা প্ৰচাৰ আছে বোলে বঙ্গাল সৈন্যেৰে সৈতে আমাৰ সৈন্যক পৃথক কৰিবলৈ পাণ্ডুনাথৰ ভাটীত এটা খাল লাচিত বড় ফুকনে একে ৰাতিতে খনালে আৰু কলাৰ ভুৰৰ ওপৰত তুই দি আন্ধাৰ নিশা বাঁহেৰে মানুহৰ আকৃতি সাজি তাত চাকি লগাই সেইখন৷ নদীৰে ভটীয়াই দিয়াত সৰাইত থকা বাদশাহৰ সৈন্যে ভাটীৰ পৰা অসমৰ সৈন্যে আক্ৰমিবলৈ আহিছে বুলি ভাবি ভটীয়াই গ'ল। বঙ্গালৰ আক্ৰমণৰ পৰা ৰক্ষ৷ পোৱাৰ পাছত গুৱাহাটীত বড় ফুকনৰ ৰাজধানী দৃঢ়কৈ পতা হ’ল। গুৱাহাটীৰ চাৰিওপিনে চাকি আৰু প্ৰাচীৰ, আৰু দোপদৰ ঘৰ লাচিত বড় ফুকনে সজালে। জয় হোৱাৰ পাছত চক্ৰধ্বজ ৰজাৰ দিনত আৰু কোনো বিশেষ ঘটনা

এইবাৰ যুদ্ধত এই সৈন্যৰ সেনাপতি ৰাজা ৰামসিংহ আছিল।