পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম অধ্যায় চিঠি লেখিলে বোলে “আৰু বছৰী ময় পিকিন নগৰৰ দুৱাৰত গই জয় পতাকা উড়াব পাৰিম।” খবালি দিনত মীৰজুমল৷ তেওঁৰ সেনাপতি মজুমথাই সইতে ভালে আছিল। কিন্তু বাৰিষা হলত চাৰিওফালে পানী হোৱাত মুসলমান সৈন্যব বড় ক্লেশ হ’ল। অনেক সৈন্য মৰিল। মীৰজুমলাৰ ইচ্ছা হ’ল যে সন্ধি কবে। মীৰজুমলাৰ নিজৰে৷ শৰীৰ পীড়িত হ’ল আৰু সৈন্যবিলাকেও দ্ৰোহ কৰিবলৈ ধৰিলে। ইফালে জয়ধ্বজ সিংহেও সন্ধি কৰিবলৈ ইচ্ছুক হ’ল। পাছে ১০০ বন্দি, ১০০ বেটী, হাতী ৩০টা, সোণৰ মোহৰ ২০০০, ৰূপ ১২০০০, এইখিনি যৌতুক দি জয়ধ্বজ সিংহে ৰজাদেৱৰ ৰমণী গাভৰুক আবঙ্গজেৱ বাদশাহলৈ দিয়াত আৰু বছৰি কিছু কৰ দিবলৈ অঙ্গীকাৰ কৰাত সসৈন্যে মীৰজুমলা ভটীয়াই গ’ল। কোনো কোনো ইতিহাসৰ মতে ইয়াকে৷ জানিব পাৰি যে মীৰজুমলাই সম্পুৰ্ণৰূপে ৰণত ঘাটি সমুদায় সৰকাৰ কামৰূপ আহোম ৰজাক দি দেশলৈ ভটীয়াই গ'ল। কিছুদিনৰ মূৰতে তেওঁৰ মৃত্যু হ’ল। জয়ধ্বজ সিংহ সন্ধি কৰাৰ পাছত নগৰলৈ আহি পুনৰায় তাক প্ৰতিষ্ঠ৷ কৰি ল'লে। আৰু ভবিষ্যত ভাবি স্বৰ্গদেৱে নামৰূপত সোণ-ৰূপৰ ভঁৰাল ও বাহৰ কৰালে। শত্ৰুৰ ভয়ত পলাই যাবলৈ বাধ্য হোৱা আৰু মুসলমানবিলাকৰ পৰ৷ পৰাজিত হোৱাত ৰজা বড় দুঃখিত আছিল। পাছে সেই শোকতে স্বৰ্গদেৱৰ চকুৰ লে| ওলাল। সেই লোৱেই ধাৰাবাহিক ৰূপে হই শেষত স্বৰ্গদেৱ স্বৰ্গী হ’ল। এওঁৰ ভোগৰ সংখ্যা ন বছৰ। bu জয়ধ্বজ ৰজাৰ হিন্দু ধৰ্ম্মৰ প্ৰতি বড় শ্ৰদ্ধা আছিল আৰু তেওঁ নিৰঞ্জন বাপুত শৰণ ললে।* এবং অনেক ব্ৰাহ্মণ মহন্তক বৃত্তি দিলে। শঙ্কৰদেৱৰ সন্তানসকল কামৰূপ আৰু ভাটীত আছিল। পাছে তেওঁৰ জন্মস্থান বৰদোৱাৰ ওচৰ আইভেটীলৈ আই লক্ষ্মী নামে নাতি বোৱাৰী এজনাক জয়ধ্বজে অনাই অনেক বৃত্তি দান কৰিলে। জয়ধ্বজ সিংহ স্বৰ্গদেৱৰ দুজন৷ পুতেকৰ কোনে৷ এজনাক মন্ত্ৰীসকলে ৰজা নাপাতি দেওৰজা নামে এজনা পূৰ্ব্বৰ কোঁৱৰৰ নাতি চুপুংমুঙ্গক ১৫৮৫ শঁকত ৰজা পাতিলে। শিঙ্গৰীঘৰ উঠি এওঁ চক্ৰধ্বজ সিংহ নাম ল'লে। প্ৰতি বছৰে মুসলমাণক এই নিৰঞ্জন বাপুএই আউনি আটী সত্ৰ সংস্থাপক।