পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী বিষক্ৰিয়া কৰাই মৰালে। এওঁৰ ভোগৰ কাল ৩ বৎসৰ মাত্ৰ। ১৫৭৪ শুঁকত ( খৃঃ ১৬৫২ ) চুতিংফা ৰজা হ’ল। এওঁৰ দিনত বিশেষ কোন কাৰ্য্য নহ'ল। কেবল উজনিৰ পৰ্ব্বতৰ ফালে নৰা ৰজাই সইতে সামান্য এক যুদ্ধ কৰি নৰ৷ ৰজাই সইতে আকৌ সন্ধি কৰিলে।* এইজন| বজাদেৱৰ পুতেক চুতামল৷ ৰজাই শুকুলা হুদু বুঢ়া গোঁহাই ডাঙ্গৰীয়াই সইতে মন্ত্ৰণা কৰি চুতিংফাক ৰজা ভাগি আপুনি ১৫৭৬ শকত (খ্ৰীঃ ১৬৫৪ ) ৰজা হ’ল। চুতিংফাক পৰিশেষত মন্ত্ৰীসকলে বিষক্ৰিয়াৰে প্ৰাণ মৰালে। এই সময়ত ৰজাই পুতেকলৈ এই কথা কই পঠালে যে এনে কথ৷ কৰা পুৰণি পাত্ৰ মন্ত্ৰী খনি ভাঙ্গি নকৈ যদি পাতি লয় তেহে থাকিব পাৰিব। ৮২ চুতামল৷ ৰজা সিংহাসনত উঠি ৰামুগাঁও ভৰিকাদলঙ্গৰ ওচৰতে খাৰঘৰ বাড়ীতে নগৰ কৰি শিঙ্গৰী ঘৰত অভিষিক্ত হ’ল। হিন্দুমতে এওঁৰ নাম জয়ধ্বজ সিংহ। পিতৃৰজাৰ কথা এওঁৰ মনত সদাই জাগি আছিল। পাছে শুকুলাহুদু ও যিবোৰ মানুহে তেওঁক ৰজা হোৱাত আৰু পিতৃ ৰজাক ভঙ্গাত সাহায্য ভজিছিল, সিসকলকে। সামান্য জগৰতে মৰালে। মিৰীবিলাকে সইতে অল্প হুৰামুৰা হোৱাত তাতে৷ জয়ধ্বজ সিংহ স্বৰ্গদেৱে ভাঙ্গিলে। পূৰ্ব্বৰে পৰা মুসলমানবিলাকে ই দেশ লবলৈ বড় ইচ্ছুক। বিশেষ মুসলমানবিলাকৰ যি অলপ আধিপত্য কামৰূপৰ ওপৰত আছিল, তাৰ প্ৰতিও আহোমবিলাকে আক্ৰমণ কৰাত মুসলমানবিলাকৰ আক্ৰোশ বাঢ়িল। এনেতে নবাব মীৰজুমলা বঙ্গদেশৰ অধিকাৰ হোৱাৰ পাছত ( খ্ৰীঃ ১৬৫৫ ) তেওঁ ই দেশলৈ বিস্তৰ সৈন্য সইতে আহিল। আমাৰ ফালৰ কিছুমান সৈন্যও বণ কৰা নাও শিঙ্গৰীত আছিল। মুসলমানৰ সৈন্যৰ পৰাক্ৰম দেখি আমাৰ সৈন্য ভাগি পলাল। ইয়াতে মীৰজুমলাই অতি সন্তোষ পাই ক্ৰমে উজাই আহি আহি নগৰৰ ওচৰ পালেহি। ৰজাই নিৰুপায় ভাবি চৰাইখোৰোঙ্গলৈ পলাই গ'ল। এইৰূপে নগৰ লই মীৰজুলাৰ এনেহে উৎসাহ হ’ল যে আওবঙ্গজেৱ বাদশাহলৈ এই বুলি এইজনা ৰজা সদাই নৰীয়৷ পড়ি থাকে দেখি এওঁ বড় দুৰ্ব্বল আছিল আৰু সেই হেতুকে এওঁক নৰীয়া ৰজাও বোলে।