পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম অধ্যায় উঁবিকাত শিলব সাঁকে৷ নিৰ্ম্মাণ কৰোৱা হ'ল। মোমাই তামুলী নামে এজনাক বড় বড়ুয়া বিষয় দি প্ৰধান কাৰ্য্যকাৰক বাব দি ওপৰত কোৱা কাৰ্য্যসকল দৃষ্টি কৰিবলৈ নিযুক্ত কৰা হ’ল। এইজন| বজাৰ দিনতে দেশৰ লোকবিলাকক খেল খেলকৈ ভগাই পাতিবলৈ আৰম্ভ কৰা হয়। আৰু কেঁাঁৱৰবিলাকক হিলৈদাৰী, অৰ্থাৎ সিপাহী খেলত নিযুক্ত কৰা হয়। হিন্দু ধৰ্ম্মৰ প্ৰতি এইজনা ৰজাই বড়কৈ উৎসাহ দিলে৷ কালক্ৰমে ৰাজমাৱ দেৱতাৰ মৃত্যু হ’ল আৰু দেশত অনেক উৎপাত হোৱাত বিশ্বনাথ ও দেৱৰগাঁওত প্ৰতাপসিংহ ৰজাই দৌল কৰালে এবং অনেক ব্ৰাহ্মণ ও দেৱতাক ব্ৰহ্মত্তৰ আৰু দেৱোত্তৰ বৃত্তি দান কৰিলে। এইজনা ৰজাৰ দিনতে মহাপুৰুষীয়া ধৰ্ম্ম দেশত বিশেষকৈ ব্যাপ্ত হ’ল।+ চিলাৰায় ৰজাই সইতে যুদ্ধ কৰিবলৈ লগুণ পিন্ধাই নিয়৷ মানুহখিনিয়ে দেশত বৰ উপদ্ৰৱ আৰু অনেক অধৰ্ম্ম কৰিবলৈ ধৰাত সিসকলৰ অনেকৰ লগুণ গুছালে, আঠঘৰৰ মাত্ৰ লগুণ থাকিল৷ দেশত কাৰ্য্য চলাবলৈ যিসকল লোক আছিল সিসকলৰে৷ বিষয় বুজি এইজনা ৰজাদেৱে মৰ্য্যাদ৷ বঢ়াই দিলে। এইৰূপে ৩৮ বছৰ দেশ ভোগ কৰি ৰজাদেৱ স্বৰ্গী হ’ল। এওঁৰ কাৰ্য্যবিলাক বড় উৎকৃষ্ট আৰু নীতিপূৰ্ণ আছিল। এওঁ এনে প্ৰজাপ্ৰিয় আছিল যে তেওঁ নৰীয়৷ পৰাত প্ৰজাবিলাকে অনেকে কইছিল “স্বৰ্গদেৱৰ সলনি আমাৰে এক শ নৰবলি সদীয়াৰ আইলৈ দিমহঁক, তেওঁ স্বৰ্গদেৱ কুশলে থাকোক।” এওঁৰ কাৰ্য্যবিলাকৰ দ্বাৰা এওঁ যে এজন অতি বহুদৰ্শী প্ৰজাবৎসল ৰাজনীতিজ্ঞ লোক আছিল ইয়াত কোনো সংশয় নাই। ৮১ এওঁ বড় ১৫৭১ শুঁকত (খৃঃ ১৬৪৯ ) এওঁৰ পুতেক চুৰুম্ফা ৰজা হয়। নিৰ্দ্দয় আৰু তিৰোতা সেৰুৱা আছিল। এওঁৰ এজনা কোঁৱৰ মৰাত কেইবাটাও ফুকন বড়ুৱাৰ ল’ৰা কুঁৱৰীৰ কথা শুনি মৰা কোঁৱৰে সইতে ধেমালি কৰিবলৈ মৈদামত পুতিলে৷ ইয়াতে সকলো ৰাজমন্ত্ৰীসকলে বেজাৰ পাই এওঁৰ ভায়েক চুতিংফাক ৰজা পাতি চুৰুম্ফাক ভাঙ্গি আন ঠাইত ↑ স্বৰ্গনাৰায়ণ ব্ৰাহ্মণসকলক বিশেষ মান্য কৰিছিল। আৰু সেইসকলৰ মুখ বলি হোৱাৰ নিকোনে কটকী বাবত নিযুক্ত কৰা হ'ল। ব্ৰাহ্মণ কটকীয়ে বিদেশলৈ যোৱা স্থিৰ হ'ল। ১১