পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী কয়। আৰু এনে এটা কথা প্ৰসিদ্ধ আছে যে সৈয়দ বাবাকৰৰ পুতেক গয়াহুদ্দীন এই যুদ্ধত প্ৰথমে পৰাত তেওঁৰ মৰাশটো হাজোলৈ পঠাই দিওঁতে সেই শটো হাজোৰ গৰুড়াচল পৰ্ব্বৰ্তত পোতা হ'ল। আৰু সি ঠাইক বড় মোকাম বুলি সকলোৱে মান্য কৰিবলৈ ধৰিলে৷ কিয়নে৷ সেই গয়াসুদ্দীন মুসলমানৰ বড় মান্য ও জ্ঞানী মানুহ আছিল।# ধৰ্ম্মনাৰায়ণ ৰজাক সেই সিংহাসনতে কতলীয়াৰূপে এইজনা ৰজাই ৰাখিলে আৰু তেওঁৰ ভ্ৰাতা গজনাৰায়ণক বেলতলাত ৰজা পাি 1 ৰাণী, লুকী, বকে৷, বগাই, বনগাঁও, ছয়গাঁও, বগাই, পানতান্ বৰদুৱাৰ, ভোলাগাঁও আৰু মৈৰাপুৰত দাঁতি পৰীয়া পূৰ্ব্বে বিশ্বসিংহ ৰজাই পতা যিবিলাক ৰজ| আছিল স্বৰ্গনাৰায়ণে সেইসকলকে৷ ৰজ৷ পোৱালি নাম দি দাঁতি দুৱাৰ ৰাখিবলৈ নিৰ্ব্বন্ধ কৰি দিলে। মিৰী আৰু ডফলাবিলাকে সদাই আমাৰ দেশত উপদ্ৰৱ কৰি থকাত সিহঁতৰ উপদ্ৰৱ নিবাৰণৰ অৰ্থে, সিহঁতে নিবলৈ পঁচা লগাই দিলে আৰু সদাই বয়-বাৰ্ত্ত৷ লবলৈ কটকী নিযুক্ত কৰি দিলে৷ কছাৰী দেশে সইতে সদাই হাই উৰুমি লাগি থকা দেখি ননৈকে সীমা কৰা হ'ল। আৰু নগাৰ দুৱাৰবিলাকে৷ স্থিৰ কৰা হ’ল। নগা, মিৰী, ডফলা ও কছাৰী পৰ্ব্বতীয়া লোক বিলাকে এই ৰূপে সেয়ে যি বাব সোধাব লাগে তাৰে৷ সি সকলে নিৰ্ব্বন্ধ কৰিলে। দাঁতি দুৱাৰে কছাৰী ও জয়ন্ত৷, ডিমৰুৱ৷ প্ৰভৃতি দেশৰ বাৰ্ত্ত৷ জনাবলৈ ও আমাৰ লোকবিলাকৰ শান্তি ৰক্ষাৰ নিমিত্তে বহিয়াল, বড়ুৱা, জাগীৱাল বড়ুৱা আৰু কাজলীমুখীয়া গোঁহাই ইত্যাদি বিষয় সৃষ্টি এই ৰজাৰ দিনত হয়। দেশত লোক চলাচল কৰিবলৈ এই মহাৰজাই অনেক বাট বন্ধালে এবং আন লোকৰ উপদ্ৰৱৰ পৰ৷ ৰক্ষা কৰিবলৈ আৰু সীমা স্থিৰ হবলৈ চামধৰা গড়, প্ৰভৃতি গড় বন্ধালে।↑ বাৰ ভূঁয়াৰ পো-পোৱালি কেতবিলাকে কিছু অহিত চিন্তিবলৈ ধৰাত সিসকলক দমন কৰি বিলাতত পাতিলে। ৰজা আৰু ৰজাৰ সৈন্যবিলাক অহা যোৱাত অনেক কষ্ট হয় দেখি কেইবা ঠাইতো বাঁহৰ আৰু to

  • বড় মোকামক “পোৱা মক্কা” ও বোলে। মক্কাৰ চাৰি ভাগৰ এভাগ তীৰ্থ স্থান

পোৱা মক্কা।

  • এই দুটি গড় প্ৰসিদ্ধৰূপে এতিয়াও আছে।