পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম অধ্যায় ৰজাই ল'লে। আৰু মৰঙ্গিয়াল মানুহ কেতখিনি ভাটীলৈ পঠাই সিহঁতক নানা প্ৰকাৰ শিল্প বিদ্যা শিক্ষা দিয়ালে। কেঁাঁচবেহাৰৰ বজাই নিজ নামেৰে ৰূপ৷ সোণৰ মোহৰ মৰা শুনি প্ৰতাপচন্দ্ৰ স্বৰ্গদেৱেও তদ্ৰূপ কৰি নিজ নামেৰে অৰ্থাৎ স্বৰ্গনাৰায়ণ নামেৰে ১৫৪০ শুঁকত মোহৰ মৰালে। এই মোহৰৰ সংখ্যা ইমান তাকৰ আছিল যে এতিয়া তাক পাবলৈ নাই।* কেঁাঁচবেহাৰৰ পৰা এইফালে অহা ৰঘুদেৱ ৰজাই নিজৰ দেশত স্থিৰ হই থাকিবলৈ আপোনাৰ মঙ্গলদই নামে কন্যাক প্ৰতাপসিংহ ৰজালৈ সমৰ্পণ কৰাত ৰজাই অভয় দান কৰিলে, তেতিয়াৰে পৰা মঙ্গলদই নামে এখান নগৰ হ’ল। সেই বংশৰ বলিনাৰায়ণ ৰজাকে৷ প্ৰতাপসিংহে আশ্ৰয় দি ধৰ্ম্ম- নাৰায়ণ নাম দিলে। জয়ন্তাৰ ধন মাণিক্য বজায়ে| কছাৰী ৰজাৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ আমাৰ ৰজাদেৱত শৰণ লই কন্যা দান কৰিলে ও ডিমৰুৱাৰ ৰজায়ে৷ জয়ন্তাৰ উপদ্ৰৱত ভয় পাই আমাৰ ৰজাৰ আশ্ৰয় লই বছৰি কৰ দিম বুলি অঙ্গীকাৰ কৰিলে। ৰঙ্গামাটিৰ নবাবৰ অধীনত কিছুমান সৈন্য হাজোত আছিল। সি- সকলে আমাৰ দেশৰ অবস্থা, বুঝিবলৈ বেপাৰৰ ছলেৰে এজন লোক পঠোৱাত তাক আমাৰ কলিয়াবৰৰ সৈন্যে কাটি তাৰ নাও লুটি নিলে। পাছে সৈয়দ বাবাকৰ ও সত্ৰাজিতে অনেক সেনা লই আহি বিশ্বনাথৰ পৰা মানুহ ধৰি নিলে। আমাৰ সেনাই একো কৰিব নোৱাৰিলে৷ পিছে কছাৰী ৰজাৰ পৰা যুদ্ধৰ সামগ্ৰী ও সেনা খুজি লই বঙ্গালে সইতে যুদ্ধলৈ আগবঢ়াত ১৫৪৯ শুঁকত বড় যুদ্ধ হ’ল, সেই যুদ্ধত সৈয়দ বাবাকৰ ও সত্ৰাজিতৰ মৰণ হয়। আমাৰ সৈন্যে বঙ্গালৰ সৈন্যক খেদি নিলেও গুৱাহাটী পৰ্যন্তে অসমৰ ৰাজ্য হ'ল। আৰু মিৱসেন চোৱা প্ৰভৃতি অনেক লোক আমাৰ মানুহে ধৰি আনিলে। তেতিয়াৰে পৰা সেনৰ খেল হ’ল বুলি লোকে 92

  • এনে কথা প্ৰচাৰ আছে বোলে কেনেকৈ মোহৰ মৰা হ'ব, ই বিষয় জড়িতসকলক

সোধাত সেইসকলে এই শ্লোক কলে। আৰু সৌমাৰ দেশ আঠচুকীয়া দেখি মোহৰো আঠচুকীয়া হ'ল। শ্লোক যথা। “অষ্টকোণঞ্চ সৌমাৰং যত্ৰ দিক্কৰবাসিনী। তস্মিন্ বিশন্তি যে লোকা জ্ঞানাদজ্ঞানতো পি বা। তে পি দেব্যাঃ প্ৰসাদেন সিদ্ধিং গচ্ছত্তি নান্যথা।” এইটো যোগিনী তন্ত্ৰৰ বচন। 1