পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী দেৱলৈ গ'ল। চিলাৰায়ে এখেত নগৰ ললে। পাছে আপচু বা সৌন্দৰ গোঁহাই প্ৰমুখ্যে আন অনেক বড়ুৱা ফুকনৰ ল'ৰাক খোঁড়া ৰজাই বন্দী স্বৰূপে দিয়াত চিলাৰায় উভতি গ'ল। কোনো পুথীত এনেও পোৱা গইছে বোলে চিলাৰায় দেৱানে অসম ৰজাৰ পৰা এটা বগা হাতী নিয়ে, এই নিমিত্তে তেওঁৰ নাম শুক্লধ্বজ হ’ল। ইয়াৰ পাছত আৰু একে৷ ৰণ বিগ্ৰহ নহ'ল। এই ৰজাৰ দিনতে দেশত ধৰ্ম্ম সংক্ৰান্ত বড় লৰচৰ হয়। শঙ্কৰ আৰ মাধবৰ শিষ্যসকল দেশৰ চাৰিওফালে যাবলৈ ধৰিলে আৰু অনেক ঠাইত সত্ৰও কৰ| হ’ল। মানুহৰ মনক “বৌদ্ধাচাৰ” অনাচাৰৰ পৰা পালটালে। বিষয় থকা ও নথক। অনেকে সি ধৰ্ম্মক আশ্ৰয় কৰিলে আৰু সাধাৰণৰ মাঝত ই ধৰ্ম্ম, যাক মহাপুৰুষীয়া ধৰ্ম্ম বোলে, সেইয়ে প্ৰবল হ’ল। খোঁড়া ৰজাই এই নব্য ধৰ্মাবলম্বী লোকসকলক কোন বিশেষ অত্যাচাৰ কৰাৰ কথা প্ৰকাশ নাই। এইজনা ৰজাদেৱৰ দিনৰে পৰা আমাৰ মানুহে ভাটীফালে চলাচল কৰিবলৈ ধৰিলে। খোঁড়া ৰজা ১৫৩৩ শুঁকত (খৃঃ ১৬১১) স্বৰ্গী হোৱাত তেওঁৰ তিনি পুতেকৰ মাঝত চুচেঙ্গক৷ সিংহাসনত উঠে। বুঢ়া কালত ৰজা হোৱা দেখি এওঁক বুঢ়া ৰজাও বোলে ও বড় বুধিমন্ত থকাৰ নিমিত্তে এওঁৰ আৰু এটি নাম বুদ্ধি স্বৰ্গনাৰায়ণ। এওঁৰ দিনত অনেক সৎকাৰ্য্যৰ অনুষ্ঠান হোৱাত এওঁক প্ৰতাপ সিংহও বোলে। এওঁ পৰ্ব্বতত ঘৰ কৰি শিঙ্গৰী ঘৰত উঠিল। সোন্দৰ গোঁহাই প্ৰভৃতি যিবিলাক মানুহক চিলাৰায় ৰজাই ধৰি নিয়ে, সিবিলাকৰ মাঝত যিসকলে ঘৰলৈ উভতি আহিবলৈ ইচ্ছা কৰিলে, সিসকলক নৰনাৰায়ণ ৰজাই এড়ি দিলে এনে শুনা যায়। সোন্দৰ গোঁহাইৰে পাশা খেলাত হাৰি নৰনাৰায়ণ ৰজাই এইসকলক এড়ি দিলে। সিবিলাকৰ লগতে সোণাৰী, কঁহাৰ, প্ৰভৃতি অনেক বৃত্তিয়াল মানুহ আছিল। আমাৰ মানুহখিনিক খেলে খেলে নিয়া হ’ল। কিন্তু সেই ভাটীৰ পৰা অহাখিনি লোকক নাম ডাঙ্গতে পতা হ’ল। অন্য দেশে সইতে সমাগম হবৰ পৰা যে দেশৰ উন্নতি হয়, তাৰ বিশেষ ৰূপ ইয়াত উদাহৰণ পাব পাৰি। ঘুৰি অহা লোকসকলৰ মুখে কেঁাঁচবেহাৰৰ নিয়ম শুনি সেইৰূপ অনেক নিয়ম আমাৰ Ab