পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম অধ্যায় তেতেকে বিদ্ৰোহ আচৰিবলৈ ধৰি শেষত লেহেতিয়া লিগিৰাৰ দ্বাৰাই ৰজাৰ প্ৰাণ বিয়োগ কৰালে৷ এওঁৰ ভোগৰ সংখ্যা ৪২ বছৰ। এইজনা ৰজাব দিনতে হিন্দু ধৰ্ম্ম ক্ৰমে ৰজাৰ স্বীকৃত ধৰ্ম্ম হবলৈ ধৰিলে। এওঁৰ পাছত ১৪৬১ শুঁকত (খৃঃ ১৫৩৯ ) সেই চুক্লেন কোঁৱৰ সিংহাসনত উঠিল। পিতৃবধ কৰাই চুক্লেন বজাই চৰগুৱা নগৰ এড়িবৰ নিমিত্তে বাধিত হ’ল, কিয়নো তেওঁ লোকৰ বড় অপ্ৰিয় হ’ল। পিছে গৰগাঁওত নগৰ কৰি তালৈ ৰাজধানী নিলে আৰু তাতে শিঙ্গৰী ঘৰত উঠি চুক্লেনমুঙ্গ নাম ললে। গৰগাঁওলৈ নগৰ নিয়াৰ বাবে এওঁক গৰগঁয়৷ ৰজাও বোলে। এইজন| ৰজাৰ দিনত হিন্দুধৰ্ম্মৰ আচাৰ ক্ৰমে চলিত হই উঠিব ধৰিলে। আৰু আহোম ৰজাই মূৰত লই অহা চোমদেৱক ভিতৰৰ পৰা বাজ কৰা হ’ল, ও বামুণী কোঁৱৰে নিয়া লক্ষ্মীনাৰায়ণ শালগ্ৰামেই ভিতৰুৱাল হই থাকিল। এওঁ ৰজা হবৰে পৰা বড় শান্তিৰে দিন খেদালে। পাছে ১৩ বছৰ ভোগ কৰি ১৪৭১ শুঁকত (খ্ৰীঃ ১৫৪৯ ) স্বৰ্গী হয়। এইজনা ৰজাৰ পুতেক চুখাম্‌ফা সিংহাসনত উঠিল। এওঁৰ ভৰি এটি খোঁড়া আছিল, সেই দেখি এওঁক খোঁড়া ৰজাও বোলে। মানৰ উপদ্ৰৱত নৰা ৰজাই এজন৷ জীয়ৰী আমাৰ ৰজালৈ অনেক মানুহ ও বস্তু যৌতুকে সহিতে দিয়াত খোঁড়া ৰজাদেৱে সহায় দিলে, তাৰে পৰা মানৰ উপদ্ৰৱৰ পৰা নৰা দেশ ৰক্ষা পড়িল। নৰনাৰায়ণ ৰজাৰ ভায়েক চিলাৰায় দেৱান ১৪৮৪ শুঁকত কিছুমান সেনা লই অসম দেশ আক্ৰমিবলৈ আহিলত আহোমৰ সৈন্য আগবাঢ়ি গ'ল। কিন্তু চিলাৰায়ৰ সৈন্যৰ যুদ্ধ কৌশল দেখি আমাৰ সেনাপতি ডাঙৰীয়াই শূদ্ৰাদি কিছুমান বামুণক লগুণ পিন্ধাই গৰুত তুলি যুদ্ধলৈ পঠালে। চিলাৰায়ে তলে গোবধ, ওপৰে ব্ৰহ্মবধৰ ভয়তে হুহকি গ'ল। কিন্তু তাৰ পাছ বছৰি এই ছল বুজ পাই সৰহ সেনা লই চিলাৰায় আহে। আমাৰ সেনাপতি দেৱ ৰজা আৰু চিলাৰায় দেৱানেৰে ভয়ানক যুদ্ধ হয়। দেৱ ৰজাই ঔষধৰ বিৰী ও যন্ত্ৰ ডিঙ্গিৰ পৰা খহাই থোৱাৰ পাছত চিলনীয়ে থাপ্মাৰি লই যাওঁতে দেৱৰজাই ঈশ্বৰৰ নিগ্ৰহ হইছে বুলি চাৰিঙ্গলৈ গই লগৰ কিছুমান মানুহে সইতে নিজে মৈদাম খানি সোমাল গই। খোঁড়াৰজ৷ মন্ত্ৰী বৰ্গে সইতে চৰাই . 44