পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৬ আসাম বুৰঞ্জী আহে। এই কথা বঙ্গদেশত কি ভাৰতবৰ্ষৰ কোনো ইতিহাসত পোৱা নাযায়। এনে অনুমান হয় ৰঙ্গ৷ মাটিত যি মুসলমানৰ কাৰ্য্যকাৰক আছিল, সেয়েই এই তুৰবক হব পায়। এৱেঁ সইতে কলিয়াবৰতে আমাৰ এক যুদ্ধ হয়, সি যুদ্ধত আমাৰ ফালৰ ঘটা আৰু মুসলমানৰ ফালৰ জয় হয়। চুহেন্‌ফা ৰজাৰ কুঁৱৰীৰ গৰ্ভত যোৱা কন্‌চেঙ্গ নামে পুত্ৰটিৰ চুহুমুঙ্গ ৰজাই পৰিচয় পাই বড় পাত্ৰ ডাঙ্গৰীয়া বিষয় দি পাতিছিল। সেই কন্‌চেঙ্গ বড়পাত্ৰ সেনাপতি হই গই তুবক যুদ্ধত ঘটাই প্ৰাণে মাৰিলে আৰু কৰতোয়৷ নদীলৈকে খেদি নিলে। আৰু এনে কথা লেখে বোলে কৰতোয়াত কচেঙ্গে অস্ত্ৰ ধুলে এবং জয়ৰ কথা চিৰস্মৰণীয় কৰিবৰ নিমিত্তে দ’ল ও. পুখুৰী খনালে৷ ই ঘটনা ১৪৫৪ শুঁকত সংঘটিত হয়। এই ৰণত জিকি সেনাপতি ডাঙ্গৰীয়াই কিছুমান মানুহ আনি সিবিলাকক হাতিৰ ঘাঁহ কাটিবলৈ দিয়াত সিহঁতে হাতিৰ নেগুৰৰ ফালে ঘাঁহ দিলে, আৰু ক্ষেতি কৰিবলৈ দিওঁতে বোকা আনি কঠিয়াৰ গুড়িতে দিয়াত অপাত্ৰ বুলি বড় পাত্ৰ – ডাঙ্গৰীয়াই “আদানি কৰি ধনী কৰিলে।” ইহঁতকে মৰীয়া বোলে। ১৪৫৮ শুঁকত কছাৰীবিলাকে আমাক মৰঙ্গীৰ সীমাৰ পিনে জোকালত কছাৰীৰে ৰণ হয়, আৰু সি ৰণত কছাৰী ঘাটে ও কাজলি মুখলৈকে আমাৰ দেশ হয়। কছাৰী ৰজাই ডেকা ৰজাক পঠাই কলঙ্গকে সীম৷ পাতি বছৰি পাঁচোটা ঘোঁড়৷ দিবলৈ নিৰ্ব্বন্ধ কৰি সন্ধি কৰিলে। কলঙ্গৰ উত্তৰ পাৰে আমাৰ ও দক্ষিণ পাৰে কছাৰীৰ ৰাজ্য হল। এতিয়াও সি সীমাৰ উল্লেখ সৰ্ব্বসাধাৰণে কৰি থাকে৷ এইজন৷ ৰজাদেৱে গৌড় দেশৰ বাদসাহৰ তলৈ কটকী পঠাই মিত্ৰত৷ কৰা বুলি বুৰঞ্জীত লেখে। আৰু কেঁাঁচবেহাৰৰ ৰজাই আহোমবিলাকৰ পৰাক্ৰম জানি মৈত্ৰতা নিবন্ধন কৰে। এইজন৷ ৰজাদেৱৰ দিনৰে পৰা" আহোমবিলাকৰ পৰাক্ৰম চতুৰ্দিশে ব্যাপ্ত হল। ধৰ্ম্মবিষয়ক বা ৰাজান্তিক বিষয়ক কথাত ই দেশ এখান দেশ বুলি পৰিচয় পালে৷ এওঁ এওঁৰ চাৰিজন৷ কোঁৱৰক দিহিঙ্গ, চাৰিঙ্গ, তিপাম, আৰু তুঙ্গ খাঙ্গ, এই চাৰি নগৰত পাতিলে ও সেই সেই কোঁৱৰৰ সন্তানক সেই সেই ফৈদ বোলে এওঁৰ বড় পুত্ৰ চুক্লেন কেঁাঁৱৰে ৰজাৰ যেতেকে বয়স ভাটী হবলৈ ধৰিলে, 3