পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম অধ্যায় নিমিত্তে লোক নিযুক্ত কৰি দিয়া হ'ল। এই সময়ৰ পৰা ছুটিয়াৰ ৰাজ্য একেবাৰে ভ্ৰষ্ট হ’ল। A¢ কুসুম্বৰ ভূয়াৰ ঘৰত শঙ্কৰদেৱ জন্ম হোৱাৰ পাছত ভাটী দেশলৈ গই আহি বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ ধৰিছিল। তেওঁ আন আন যি ভূয়া আছিল তাৰ মাঝত প্ৰধান হইয়ো বিষয় কাৰ্য্যতকৈ ধৰ্ম্ম প্ৰবৰ্ত্তোৱ৷ ভাল যেন পাই, তাকে কৰিবৰ অৰ্থে অনেক পুথী ৰচনা কৰি ধৰ্ম্ম প্ৰচাৰ কৰিছিল। কছাৰীৰ উপদ্ৰৱত বৰদে থাকিব নোৱাৰি উজাই গই বেলগুড়ি ধোঁৱাহাটত আছিল। এওঁৰ লগত বাৰভূয়াৰ আন আন সকলে৷ আছিল। শঙ্কৰৰ ধৰ্ম্ম প্ৰবৰ্ত্তনত ব্ৰাহ্মণবিলাকে অসন্তুষ্ট হই শঙ্কবে দেশ ভাঙ্গিলে বুলি কোৱাত শঙ্কৰক চুহুমুঙ্গ ৰজাই ধৰাই নি ৰাজ্য নষ্ট কৰাৰ কথা বিচাৰ কৰাত শঙ্কৰদেৱক নিৰ্দ্দোষী জানি মুক্তি দিয়ে। এইৰূপে কিছুকাল গল। ভূঁয়াবিলাক কামৰূপৰ পৰা গই সেই ঠাইত থকাত পাছে দেশৰ প্ৰতি আক্ৰমণ কৰে। এই ভাবি ৰজাৰ তেওঁবিলাকৰ প্ৰতি বড় সভয় আছিল। এদিন ৰজাই গৰ বান্ধি হাতি ধৰিবলৈ দিয়াত শঙ্কৰৰ লগৰ ভকতসকলকে৷ হাতি বেৰিবলৈ দিলে। হাতি ভকতৰ ফালেই পলাল সেই জগৰতে ভকতবিলাকক ধৰিবলৈ কলে। শঙ্কৰৰ জোঁৱাই হৰি আৰু শিষ্য মাধৱদেৱ বিনে আন সকলে৷ ভকত পলাল। জোঁৱায়েকক আহোমে কাটিলে। মাধবদেৱ ছমাহ বন্দি থাকি পাছে মুকলি হল। ইয়াৰ পাছতে শঙ্কৰ, মাধব কামৰূপলৈ ভটীয়াই আহিল। তেওঁবিলাকৰ লগৰ কিছুমান ভূঁয়৷ পোৱালি তাতে থাকিল কিন্তু সিসকলকো ১৪২৭ শুঁকত চুহুমুঙ্গ ৰজাই বৰাই তামুলী ইত্যাদি ভিতৰুৱাল বাব দিলে আৰু তেওঁবিলাকৰ আদৰ্শেৰে বচোৱাল টঙ্গালী, হাঁচাটী ইত্যাদি ব্যৱহাৰ হবলৈ ধৰিলে। ৰজা আৰু ডাঙ্গৰীয়া সকলে ছুটিয়াবিলাকৰ পৰা অনেক বস্তু আৰু নিয়ম ললে। এই জাতি মানুহ পূৰ্ব্বে ই দেশলৈ অহাত কামৰূপৰ ও আন আন ঠাইৰ ৰজা আৰু লোকসকলৰ পৰ৷ অনেক ৰাজনীতি কথা শিক্ষা কৰিছিল। এই ৰজাৰ দিনতে দিল্লীৰ সিংহাসনৰ পৰা পাঠান জাতিৰ ৰজা গুছি তৈমুৰলঙ্গৰ সন্তান বাবৰে সিংহাসন প্ৰাপ্ত হয়। পাঠান জাতিৰ তুৰব্বক নামে এজন সেনাপতিয়ে কিছুমান সৈন্য লই আমাৰ দেশ আক্ৰমিবলৈ ১৪২৮ শুঁকত (খ্ৰীঃ ১৫০৪ )