পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম অধ্যায়

দুপৰীয়ালৈকে জাৰকালি কুঁৱলী থাকে। ফাগুনৰ পৰা বড় বতাহ বয়। আক ইয়াৰ হ্ৰাস বৃদ্ধি সূৰ্য্যৰ তাপৰ হ্ৰাস বৃদ্ধিৰে সৈতে সম্পৰ্ক ৰাখে। বাৰিষাৰ পূৰ্ব্বে কোনো কোনো দিন বিয়লি আৰু গধূলি বড় ধুমূহা হয়।

 এই দেশত প্ৰধানকৈ তিনিটা মাত্ৰ ঋতু। বাৰিষা, জাৰকালি আৰু জহ। জ্যৈষ্ঠৰ আদিৰে পৰা বৰ্ষা আৰম্ভ হই আশ্বিন লৈকে থাকে। কেতিয়াবা এনেকেই বৰষুণ হয় যে চাৰি পাঁচ দিন একাদিক্ৰমে বৰষি থাকে। কাৰ্ত্তিকৰ পৰা জাৰ আৰম্ভ হই প্ৰকাৰান্তে বৈশাখ লৈকে থাকে। ইফালে আকৌ চৈত্ৰৰ পৰা জ্যৈষ্ঠ লৈকে বড় জহ। বাৰিষাও কিছুমান দিন বৰষুণ নহলে অতিশয় গ্ৰীষ্ম হয়। এই দেশৰ তাপৰ গড় পৰিমাণ ৭৪ ডিগ্ৰি। পাৰ্ব্বত্য চিৰাপুঞ্জি নগৰত সদাই বড় বৰষুণ হয়। ১৮৬১ সনত সেই নগৰত ৮০৫ ইঞ্চ পৰিমাণ জল বৰ্ষণ হইছিল। তাৰে ৩৬৬ ইঞ্চ অকল জানুয়াৰি মাহত বৰ্ষণ হয়। এনেও হইছে যে ছদিনত ১৫০ ইঞ্চ জল বৰ্ষিছে। আৰু এদিনতে সাধাৰণত ১২ ইঞ্চ জল সচৰাচৰ বৰ্ষণ হয়।

 ইয়াৰ পৰ্ব্বত আৰু ঝাড়নি কাঠনি হাবি বিলাকত শাল, পমা, চমা, কড়ই, শিঙ্গৰি প্ৰভৃতি অনেক বহু মূলীয়া গছ, নানা বিধ বাঁহ আৰু বেত আছে। কোনো কোনো গছ বড় প্ৰকাণ্ড। দুইয়ো ফালৰ পৰ্ব্বত বিলাকত চৈত্ৰ বৈশাখ মাহত গধূলি প্ৰায় জুই লাগে। কেতিয়াবা কোনো পৰ্ব্বত একেবাৰে জ্যোতিৰ্ম্ময় হয়।

 এই দেশত কোনো কোনো নদীৰ পৰা সোণ ধুই উলিয়াব পাৰি। কয়লা বা নাগমাটী উজনিৰ ফালে আবিষ্কাৰ হইছে। খাসিয়া পৰ্ব্বতৰ ফালে চুণৰ আকৰ আছে। নগা পৰ্ব্বতৰ কোনো কোনো ঠাইত লোণ পুঙ্গ বা লোণৰ আকৰ আছে। এই লোণ সামুদ্ৰিক লোণৰ দৰে নহয়। লৌহৰ আকৰো ইয়াৰ নগা পৰ্ব্বতৰ সমীপত কোনো কোনো ঠাইতে দৃষ্ট হইছে। সেই আকৰৰ ওচৰত জুই ধৰা সাঁচ পোৱা যোৱাত এনেটোহে অনুমান হয় যে কেতিয়াবা তাৰ পৰা লো খানি তোলা গইছিল।

 এই দেশৰ চাৰিও ফালে পৰ্ব্বত থকাত আৰু কয়লা ইত্যাদিৰ আকৰ থকাত সময়ে সময়ে বড় ভূমিকম্প হয়। মেং ৰাৱনসন্‌ সাহাবে তেওঁৰ