পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম অধ্যায় চুপিম্‌ফাৰ মৰণৰ পাছত তেওঁৰ পুত্ৰ চুহুম্মুঙ্গ ১৪১৯ শুঁকত সিংহাসনত উঠে। আৰু বড় প্ৰতাপেৰে শিঙ্গৰী ঘৰত উঠি অভিষিক্ত হয়। হিন্দু- বিলাকে অভিষেকৰ সময়ত এওঁৰ নাম স্বৰ্গনাৰায়ণ ৰাখে। খামজাঙ্গৰ আইতনীয়৷ আৰু পানী নৰা যিবিলাকক চুকাফ৷ ৰজাই বৰাই আহিছিল সিসকলে দ্ৰোহ আচৰিবলৈ ধৰাত চুহুম্মুঙ্গ ৰঙ্গাই সেনা পঠাই যুদ্ধ দিলে। নৰাহঁত ঘাটে আৰু আমাৰ সেনা জিকে আৰু সিহঁতক দা, জাঙ্গফাই বৰকঁাহ ইত্যাদি সি দেশত হোৱা বস্তু পাল সোধাই থাকিবলৈ ৰজাদেৱে নিৰ্ব্বন্ধ কৰি দিয়ে। ছুটিয়াবিলাকৰ দেশ ইয়াৰ পূৰ্ব্বৰে পৰা প্ৰায় অৰাজক হোৱাত কামৰূপৰ ধীৰনাৰায়ণ নামে এজনা কোঁৱৰে সি জাতিৰ মাঝত ৰজা হয়। তেওঁৰ কাচিতাৰা নামেৰে এজনা বড় দৰ্পী মন্ত্ৰী আছিল। আহোমক ছুটিয়াবিলাকে জোঁকালত দিখৌ মুখতে ১৪২২ শঁকত এক বড় যুদ্ধ হয়। ধীৰনাৰায়ণ ৰজা আৰু তেওঁৰ মন্ত্ৰী দুয়ো ঘাটি পৰ্ব্বতত সোমাল৷ ইফালে আহোমৰ সৈন্যে গই ছুটিয়াৰ ৰাজধানী ললেগই। আৰু তাৰপৰ৷ তিনি চুকীয়া সিংহাসন, সোণৰ হাতি মাইহাঙ্গ প্ৰভৃতি অনেক বস্তু আনি সকলোকে স্বৰ্গদেৱে স্বৰ্গদেৱে ঘৰলৈ উৎসৰ্গ কৰি দিলে। আৰু ধীৰনাৰায়ণ ও কাচিতাৰাৰ মূৰ দুটা খেদি যোৱা মানুহে আনি দিয়াত চৰাইদেৱ আৰু স্বৰ্গদেৱৰ ঘৰলৈ পঠালে। আৰু তাৰ দুৱাৰ মুখত দুইওটা পোতাই তাৰ ওপৰত শিল দি এনে কৰিলে যেন সি ঘৰলৈ যাওঁতে তাতে ভৰি দি যাব লাগে। চৰানাও, দবা, আড়োৱাল দোলা কালী, হিলৈ, প্ৰভৃতি যি বস্তু পালে, তাক ৰজা ও ডাঙ্গৰীয়াসকলে ব্যৱহাৰলৈ আনিলে। বুঢ়া গোঁহাই পৰীয়া এজনাক সদীয়৷ খোৱা গোঁহাই বিষয় দি সেইফালে শাসন কৰিবলৈ নিযুক্ত কৰা হল। আৰু ছুটিয়াৰ দেশ এইজনাৰ শাসনৰ অধীন হল। ছুটিয়া ৰজাৰ বংশৰ যি ভাইপো ও প্ৰধান মানুহ আছিল, সি সকলক পাকৰিগুড়িত পতা হ’ল। সদীয়াৰ দেৱঘৰৰ সেৱা-শুশ্ৰূষাৰ