পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম অধ্যায় দুৰ্গতিবে আন ঠাইলৈ পঠালে। পিতৃবজাক বধোতে যাৰ যাৰ পেট আছিল, জানিবলৈ পাৰিলে সিসকলোকে কাৰে৷ প্ৰাণে মাৰি, কাৰোবা আন শাস্তিবে দুৰ্গতি কৰিবলৈ ধৰাত মন্ত্ৰীসকলে মন্ত্ৰণ৷ কৰি ১৪১৯ শুঁকত (খৃঃ ১৪৯৭ ) মৰোৱালে।* চুহেন্‌ফ| ৰজাৰ দিনৰ পৰ| নগাবিলাকে সইতে যুদ্ধ নোহোৱাত নগাবিলাক ৰজাৰ এখেলেই আহে। বাহিৰত নগাৰ খুবাও এটাই সইতে বজাই এদিন কথা-বাৰ্ত্ত৷ হোৱাত এজনা কুঁৱৰীয়ে সেই নগাৰ ৰূপলাবণ্যৰ কথা ৰজাৰ আগত ভিতৰত কলে। ইয়াত ৰজাই ক্ৰোধ কৰি সেই কুঁৱৰীক সেই খুবাওলৈকে দিলে। এইবিলাক অত্যাচাৰীৰ কাৰ্য্যত তেওঁৰ অকাল মৃত্যু হোৱাত বড় আশ্চৰ্য্য অনুমান নহয়। १৩ এক মতে কয় বোলে এওঁ নৰীয়া পৰি মৃত্যু হয়। এনেটো অনুমান হয়, চুহেন্‌ফাক মৰাৰ পাছত দেশৰ যেনে দুৰ্গতি হইছিল তেনে নহবলৈ মন্ত্ৰীসকলে ৰজাক মৰোৱাই স্বাভাবিক ৰূপে মৰা বুলি প্ৰখ্যাত কৰি দিলে।