পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

• আসাম বুৰঞ্জী বিলাকৰে৷ সেই ছলকৈ মৰা কথাৰ পোটক তুলিবলৈ বড় আশা কৰিছিল। সেই কাৰণে বিশেষৰূপে সৈন্য সংগ্ৰহ কৰি ১৩০৫ শুঁকত ৰজাই চুটিয়াৰ বিপক্ষে অস্ত্ৰ ললে। ৰাজ্যত ৰজাৰ বড় কুঁৱৰীক গৰাকী পাতি ৰজা ৰণলৈ গ'ল। সজনা কুঁৱৰী সগৰ্ভা আছিল। বড়জনা কুঁৱৰীয়ে ইয়াতে ঈৰ্ষা কৰি এটা মিছা জগৰ উলিয়াই সৰুজনা কুঁৱৰীক কাটিবলৈ দিলে। চাওথাই খুম্ বুঢ়া গোঁহাইয়ে কুঁৱৰীৰ সগৰ্ভা অবস্থা দেখি প্ৰাণে নামাৰি ভুৰবান্ধি উটাই দিলে। হাবুঙ্গৰ বামুণ এটাই সেই ভুৰ দেখি কুঁৱৰীক তুলি প্ৰতিপালন কৰিলে। চুটিয়াবিলাকে তাওখাম্বী ৰজ৷ অহা শুনি পৰ্ব্বতলৈ গ'ল। এখেত আহোমবিলাকে ৰজা নোহোৱাত দেশ লণ্ড ভণ্ড কৰি চৰাই দেৱলৈ উলটি গ'ল। সৰুজনা কুঁৱৰীৰ অৱস্থাৰ কথা লোকসকলৰ মুখত শুনিও ৰজাই একো বিচাৰ নকৰাত আৰু তেওঁৰ আন আন অন্যায় কাৰ্য্যত মন্ত্ৰী ও প্ৰজা সকলে৷ অসন্তুষ্ট থাকি ১৩১১ শুঁকত তাওখাৰ্থীক ৰজ৷ ভাঙ্গি প্ৰকাৰান্তে প্ৰাণে মৰালে। এইৰূপে দেশত ৰজাহীন হোৱাত চাওয়াই খুম্বুঢ়া গোঁহাই আৰু আন আন মন্ত্ৰীয়ে দেশ শাসিবলৈ ধৰিলে। আগৰ ৰজাজনাৰ কাটিবলৈ দিয়া সেই সগৰ্ভা কুঁৱৰী, হাবুঙ্গীয়া ৰামুণৰ ঘৰত থাকি কালক্ৰমে এটি ল’ৰা পালে। কিন্তু কুঁৱৰীৰ প্ৰসৱৰ বেদনাৰ নিমিত্তে মৃত্যু হ’ল। মৰণৰ সময়ত সেই ল’ৰাৰ আগগুড়ি বামুণৰ আগত কই গ'ল। কোঁৱৰটিক বাপুৱে পুত্ৰৱতে পালন কৰিলে। আৰু কোঁৱৰৰ এনে বিশ্বাস আছিল যে তেওঁ সেই বামুণৰ ল’ৰা। তাওখাম্বীৰ ৰজাৰ মাহীয়েকৰ পুতেক তাওচুলাই কেঁাঁৱৰ ইয়াৰ আগেয়ে ৰজা হবলৈ আশা কৰিব নোৱাৰিলে। এইবাৰে৷ নিৰাশা হই হিংসা কৰি নৰ৷ দেশলৈ গই চুৰম্ফ৷ ৰজাত জনালে বোলে অসম দেশত তোমাৰ বংশ নোহোৱা হ'ল। হাবুঙ্গলৈ বেপাৰ কৰিবলৈ যোৱা মানুহে বামুণৰ ঘৰত সেই কোঁৱৰক দেখি ৰজাৰ কোঁৱৰ যেন ভাবি অনুসন্ধান কৰাত তাওয়াথী ৰজাৰ কোঁৱৰ জানি মন্ত্ৰীসকলৰ আগত কলে। সিসকল কোঁৱৰক আনিবলৈ যোৱাত কোঁৱৰে “বামুণক নিনিলে নেযাওঁ” বুলি কওঁতে বামুণৰ ঘৰোৱাহিকে ৰজাৰ কোঁৱৰে সইতে নগৰলৈ নিলে। আৰু ১৩২০ শুঁকত কোৱবক চুড়াঙ্গফা নাম দি ৰজ৷ পাতি সেৱা কৰিলে। ৰজাৰ বয়স তেতিয়া ১৫ বছৰ মাথোন 90