পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম অধ্যায় আছিল। নব| বজাই অসম দেশ লবব নিমিত্তে তাচিম্পেী বড় গোঁহাইক বণ কৰিবলৈ পঠালে। নবাৰ সৈন্য আহি কুঁহিয়াৰ বাড়ীত কোঠ দিলেহি। চুড়াঙ্গফ৷ ৰজাই যুজিবৰ মনেৰে উজাই যোৱাত নৰাৰ সেনাপতিয়ে এই বুলি হুহকি গ'ল বোলে আমাৰ বংশৰ ৰজা নোহোৱা বোলাতহে আমি যুজিবলৈ আহিছিলোঁ। পাছে যেতিয়া বংশ আছে, যুজিবৰ আৱশ্যক নাই। অসম দেশৰ আতান্বিন্ বড় গোঁহাইয়ে এই ছলতে সন্ধি কৰিবলৈ ইচ্ছা কৰি পাটকাইলৈ গ'ল। তাতে দুয়ে। দল মিলামিলি হই ৰাজ আজ্ঞাৰে পাটকাইৰ ওপৰৰ পানীত হাত জুবুৰিয়াই আৰু কুকুৰ৷ কাটি শপত খাই ১৩২৩ শুঁকত সন্ধি কৰিলে। আৰু সেই পাটকাইকে দেশৰ সীম৷ কৰি আগলৈ তাক স্থিৰ ৰাখিবৰ নিমিত্তে দুয়ো দেশৰ দুয়োজন৷ বড় গোঁহাইৰ দুটা শিলৰ মূৰ্ত্তি কটালে। দুয়ো দেশৰ সৈন্য আপোন আপোন দেশলৈ গুছি গ'ল।* এইৰূপে যুদ্ধ শেষ হোৱাৰ পিছত চুড়ান্সফ৷ ৰজাই চৰাই দেৱত অসুবিধা পাই চৰগুৱাত নগৰ কৰিলে। সেই চৰগুৱা দিহিঙ্গৰ ওচৰত ৰজাৰ লগত বামুণৰ যি ল’ৰা আহিছিল সি- সকলকে৷ দিহিঙ্গত পাতি কেঁাঁৱৰ উপাধি দিলে। সৰুৰে পৰা এইজনা বামুণৰ ফাললৈ ঢাল খোৱা আছিল৷ তেওঁক পালন কৰা বাপুয়ে শাসনাদি কাৰ্য্যত অনেক হাত দিছিল। আৰু লক্ষ্মীনাৰায়ণ শালগ্ৰাম ৰজা চাঙ্গলৈ উঠিল ও যথাবিধি পূজা পাবলৈ ধৰিলে৷ এয়েই প্ৰথম হিন্দুধৰ্ম্মৰ বীজ আহোম ৰজাৰ ঘৰত প্ৰবেশ হ’ল। এইজনা ৰজা দেৱেই প্ৰথমে শিঙ্গৰী ঘৰ পাট ঘৰত উঠি অভিষিক্ত হবৰ নিয়ম স্থাপন কৰে। আৰু অনেক কথাত হিন্দু আচাৰ-ব্যৱহাৰ এওঁৰ দিনৰে পৰা প্ৰবৰ্ত্তিব ধৰিলে। পাছে ন বছৰ ভোগ কৰি ১৩২৯ শুঁকত স্বৰ্গী হ’ল। বামুণৰ ধৰ্ম্ম ও আচাৰ-ব্যৱহাৰৰ প্ৰতি এই ৰজাজনাই বৰকৈ আস্থা দেখুৱাত আৰু সৰুৰে পৰা বামুণৰ ঘৰত প্ৰতিপালিত হোৱাত এইজনা ৰজাক বামুণী কোঁৱৰ বোলে। এওঁ অতিশয় সুখাভিলাষী আছিল। আৰু এই নিমিত্তেই অতি কোমল

  • আহোম মতে এই সন্ধিক “পাট্ কাই চেঙ্গকান” অৰ্থাৎ “কুকুৰা কাটি শপত খোৱা”

বোলে।