পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম অধ্যায় ভাজনীৰ তাউচুলাই নামে এটি কোঁৱৰ জন্মে। ৰাজনীৰ তিনটি কোঁৱৰ হয় তাকে বড়জনাৰ নাম চুখ্ৰাম্ফা, মাজুজনাৰ নাম চুতুফা আৰু সৰু জনাৰ নাম ত্যাওখাম্‌থী। যি যি দেশ লোৱা গইছিল সি সিবিলাকত সময়ে সময়ে দ্ৰোহৰ চিন হোৱাত তাক দমাই থাকোঁতে এওঁ ভাটীৰ ফালে ৰাজ্য বঢ়াব নোৱাৰিলে। পাছে ঊনচল্লিশ বৎসৰ ৰাজ্য ভোগ কৰি চুখংফা ৰজা ১২৫৪ শঁকত স্বৰ্গী হ’ল। এইজনা ৰজাৰ বড় পুতেক চুখাংফা সিংহাসনত উঠিল। এওঁৰ দিনত আহোমবিলাকৰ ৰাজ্য ব্ৰহ্মপুত্ৰ পৰ্য্যন্তে । লাহে লাহে বাঢ়িল। কোনোয়ে ৰণৰ সন্মুখ হই যুদ্ধ কৰিব নোৱাৰিলে। এওঁ ১২৮৬ শুঁকত স্বৰ্গী হোৱাত ভায়েক চুতুফা ৰজা হ’ল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে চুটিয়া নামে এজাতি লোক বাস কৰিছিল। এইবিলাকে৷ আহোমবিলাকৰ দৰে পৰ্ব্বতীয়া মানুহ। ইহঁতৰ মাঝত কোনো ৰজা নাছিল। পাছে ব্ৰহ্মপুত্ৰৰ বংশ হোৱাৰ পাছত সেই বংশৰ শেষ ৰজাৰ এজনা অমাত্য গই অৰাজক চুটিয়াবিলাকৰ ওপৰত ৰজা হই থাকে। তেওঁৰ বংশেই বহুকাল পৰ্য্যন্ত ৰাজত্ব কৰে। পিছে আহোমবিলাক ক্ৰমে ভটীয়াই অহাৰ সময়ত চুটিয়াবিলাকৰ পৰাক্ৰম একেবাৰে হ্ৰাস আছিল। চুতুফ৷ ৰজাই সিহঁতৰ দুৰ্ব্বল অৱস্থা ভাবি যুদ্ধলৈ গ'ল। নীচেই দুৰ্বল হবৰ সময়ত লোকে শঠতাক আশ্ৰয় কৰে। চুটিয়াবিলাকে সখি কৰে৷ বুলি চুতুফাক মিত্ৰভাৱ দেখুৱাই “চৰানাও” খেলাবলৈ নি তাতে ছলেৰে ১২৯৮ শুঁকত মৰোৱালে৷ ৰজাৰ মৰণ দেখি সৈন্য উভতি দেশলৈ আহিল। এইজনা ৰজাৰ ভোগ ১২ বছৰ। ৰজাৰ যিবিলাক কোঁৱৰ আছিল কাৰে৷ আশয় ভাল নোপোৱাত চাওফ্ৰংডাম বুঢ়৷ গোঁহাই আৰু তাফ্ৰিখিন বড় গোঁহাইয়ে আন আন লোকে সইতে ৪ চাৰি বছৰ ৰাজ্য শাসন কৰে। কিন্তু ৰজা নোহোৱাব গুণে এই ৪ চাৰি বছৰ অৰাজক বুলিব পাৰি। পাছে ১৩০২ শুঁকত চুখাংফা ৰজাৰ সৰু কেঁাঁৱৰ তাওখাম্ভীক আনি মন্ত্ৰী সকলে সেৱা কৰি বজ৷ পাতিলে। এইজন৷ ৰজাৰ দুজন৷ কুঁৱৰী আছিল। আৰু তেওঁ বড় কুঁৱৰীৰ বৰ বশ আছিল। তিৰোতাৰ বশবৰ্ত্তী হই কাৰ্য্য কৰিব লগা হোৱাত শাসন কাৰ্যত বড় সুযশস্য৷ ৰজাৰ নাইকিছিল। চুতুফা ৰজাক মৰাবৰ পৰা চুটিয়াবিলাকৰ দৰ্প বাঢ়িছিল। আহোম-