কৰ্ম্মত নিযুক্ত কৰিলে। তাতে সিসকল লোকে সন্তোষ পাই লোকৰ আগত কবলৈ ধৰিলে, বোলে ইহঁতৰ বুদ্ধি ও বিবেচনা “অসম” আৰু কেনে বুদ্ধিৰ লোকক বশ কৰিলে ইহঁত অসম মানুহ তেতিয়াৰে পৰা আহোমবিলাকক “অসম” বুলিলে, আৰু সেইবিলাক মানুহৰ ৰাজ্য য’লৈকে গ’ল ত’লৈকে “অসম” নাম হ’ল। চুকাফাই নিজৰ কাৰ্য্য সুন্দৰে চলিবলৈ সেই মৰাণৰে মানুহদি দেৱ পূজা ও নিজৰ উপভোগৰ আৰু আন আন কাৰ্য্যৰ নিমিত্তে গছিকলা, বৰাখোৱা ও এঙ্গেৰাত খাত কৰালে। নৰা ৰজাই সইতে মিত্ৰভাৱ ৰাখিবলৈ চুকাফাই কটকী পাঁচি চোমদেৱক অনা আৰু দেশ জয় কৰা ইত্যাদি কই পঠোৱাত নৰা ৰজাই সন্তোষিত হই সোণোৱালী টুপী ও ঘোড়া দি মিত্ৰতা কৰিলে। তেতিয়াৰে পৰা নৰা ৰজাৰে মিত্ৰতা হ’ল। এইদৰে চুকাফা ৰজাই ঊনচল্লিশ বছৰ চাৰি মাস ৰাজত্ব কৰি (খ্ৰীঃ ১২৬৮) ১১৯০ শঁকত স্বৰ্গী হ’ল। এইজনা ৰজা বড় পৰাক্ৰমী আৰু বুদ্ধিমান আছিল। এওঁৰ কাৰ্য্যৰ দ্বাৰাই এনে অনুমান কৰিব পাৰি যে তেওঁ ৰাজনীতি ভালকৈ জানিছিল। পৰাজিত লোকক বশ কৰিবৰ নিমিত্তে তেওঁ যি উপায় কৰিলে, সি উপায় যে ভাল তাক এতিয়াৰ কালৰ সভ্য দেশত এতিয়াহে ভালকৈ চলিবলৈ উপায় হই আহিব লাগিছে। তেওঁৰ পাছৰ আহোমবিলাকে এই ৰাজনীতিৰ বশ হ’ল হয়, কিন্তু ন্যায় সীমাৰ সিপাৰে যোৱাতহে শ্ৰীভ্ৰষ্ট হ’ল।
চুকাফাৰ পাছত তেওঁৰ পুতেক চুতেউফা সিংহাসনত উঠি পিতৃৰ ৰাজ্যকে ১৩ বছৰ ভোগ কৰি ১২০৩ শঁকত স্বৰ্গী হয়। এওঁৰ চাৰি পুত্ৰৰ মাঝত চুবিন্ফা ৰজা হই সেইৰূপে পিতৃৰাজ্যকে ১২ বছৰ ভোগ কৰি ১২১৫ শঁকত স্বৰ্গী হ’ল। এওঁৰ দুই পুতেকৰ মাঝত চুখাংফা সিংহাসনত উঠে। অকল পিতৃৰাজ্য সম্ভোগ কৰি এওঁৰ সন্তোষ নজন্মি ভটীয়াই সৈন্য পঠাবলৈ ধৰিলে। তেতিয়া সৌমাৰ খণ্ডৰ অধিক ভাগ কমতাপুৰৰ অধীন থকাত কমতেশ্বৰে প্ৰভাতৰ সূৰ্য্যৰ দৰে বাঢ়ি অহা আহোমবিলাকে সইতে মিত্ৰতা কৰিবলৈ আশা কৰি ৰজনী আৰু ভাজনী নামে দুই জীয়েকক চুখাংফাক দিলে।[১]
- ↑ কমতাপুৰৰ এইজনা কোন ৰজা তাক ঠিক কৰিব নোৱাৰি। দুৰ্ল্লভনাৰায়ণ নামে যে এজনা ৰজা আছিল সেইজনাই যে হয় ইয়াক বিশ্বাস কৰিবৰ বিশেষ কাৰণ আছে। কিয়নো সেই সময়ত এইজনা কমতাপুৰত আছিল।