সপ্তম অধ্যায়
চুকাফাই আপোনাৰ ভাই ৰজাৰ লগত বিৰোধ কৰিবলৈ ভাল নেপাই ভটীয়াই আহিবলৈ ইচ্ছা কৰি থাও মুক্লিংলুং মাংৰাই বুঢ়া গোঁহাই প্ৰমুখ্যে অনেক লোক লগত ললে। মুং কং দেশৰ নইচান ফা ৰজাৰ ত’ত আহোমবিলাকৰ কুলদেৱতা চোমদেৱৰ মূৰ্ত্তি থকাত সেই দেৱতাক লব পাৰিলে দেশ জয় কৰিব পাৰিব হেন ভাবি সেই চোমদেৱক চুৰকৈ লই আহিল। মুং কং দেশৰ নইচান্ফা নৰা ৰজাই পাছত ই কথা ভু পাই চুকাফাক ধৰিবলৈ লোক পঠালে। কিন্তু আদখিনি বাটৰ পৰা উভতি গ’ল। যি ঠাইৰ পৰা উলটি গ’ল সি ঠাইক এতিয়ালৈকে “নৰা ওলোটা” বোলে। চুকাফাক খামজাং নামে ঠাইত নগাবিলাকেও ভোতাবলৈ খোজাত সিসকলক পৰাভৱ কৰি লগৰ বড় গোহাঁইৰ ডেকা কাখ্ৰিংমুঙ্গক গাঁও খোৱা পাতি তাৰ উৎপন্ন বস্তু কৰ সোধাই থাকিবলৈ নিৰ্ব্বন্ধ কৰি দিলে। পাছে ক্ৰমে ইফালে অহাত পাটকাইত আকৌ নগাবিলাকে অৱৰোধ কৰিব খোজাত সেইবাৰ নগাৰ চাঙ্গলৈকে গৰকি সেই লোকক বশ কৰিলে[১] তাৰ পৰা নামৰূপলৈ আহিল। তাতে কিছুদিনমান থাকি চিপাম, শলগুড়ি, হাবুঙ্গ আৰু শিমলুগুড়িত ক্ৰমে থাকি থাকি ইফালৰ লোকৰ আচাৰ নীতি বুঝি চৰাই দেৱলৈ আহি তাতে নগৰ কৰিলেহি। মটক ও বৰাহি ই দুজাতি মানুহে তেওঁক পূবৰ পৰা ভটীয়াই অহা দেখি ৰণ কৰাত চুকাফা জয়ী হ’ল। আৰু ১১৬৪ শঁকত সিসকলে সইতে সন্ধি কৰে। চৰাই দেৱত নগৰ কৰাৰ পাছত নকৈ লোৱা দেশখনি যেতিয়া সুথিল হ’ল চুকাফাই ভাবিলে বোলে হেঙ্গদানেৰে বশ কৰাতকৈ কুকুৰাৰে পৰাজিত লোকসকলক শীঘ্ৰে বশ কৰিব পাৰি। এই মতে বিবেচনা কৰি মটক বা মৰাণবিলাকক খড়ি ভাৰী, ও বাড়ীচোৱা আৰু বৰাহিবিলাকক চাঙ্গমাই, জৰাধৰা, ভঁড়ালী, বেজ আৰু কুকুৰা চোৱা এনেবিলাক বিশ্বাসী
- ↑ এই পাটকাই ৯টা পৰ্ব্বত একে লগে থকা দেখি চুকাফা ৰজাই ইয়াক “ডউক উৰঙ্গ” বুলিছিল। ই এই দেশৰ এক প্ৰকাৰ এফালৰ সীমা।