পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম অধ্যায় চুকাফাই আপোনাৰ ভাই ৰজাৰ লগত বিৰোধ কৰিবলৈ ভাল নেপাই ভটীয়াই আহিবলৈ ইচ্ছা কৰি থাও মুক্লিংলুং মাংৰাই বুঢ়া গোঁহাই প্ৰমুখ্যে অনেক লোক লগত ললে। মুং কং দেশৰ নইচান ফা ৰজাৰ ত’ত আহোমবিলাকৰ কুলদেৱতা চোমদেৱৰ মূৰ্ত্তি থকাত সেই দেৱতাক লব পাৰিলে দেশ জয় কৰিব পাৰিব হেন ভাবি সেই চোমদেৱক চুৰকৈ লই আহিল। মুং কং দেশৰ নইচান্‌ফ৷ নৰা ৰজাই পাছত ই কথা ভু পাই চুকাফাক ধৰিবলৈ লোক পঠালে। কিন্তু আদখিনি বাটৰ পৰা উভতি গ’ল। যি ঠাইৰ পৰা উলটি গ’ল সি ঠাইক এতিয়ালৈকে “নৰা ওলোট্টা” বোলে। চুকাফাক খামজাং নামে ঠাইত নগাবিলাকেও ভোতাবলৈ খোজাত সিসকলক পৰাভৱ কৰি লগৰ বড় গোহাঁইৰ ডেকা কাখিংমুঙ্গক গাঁও খোৱা পাতি তাৰ উৎপন্ন বস্তু কৰ সোধাই থাকিবলৈ নিৰ্ব্বন্ধ কৰি দিলে। পাছে ক্ৰমে ইফালে অহাত পাটকাইত আকৌ নগাবিলাকে অৱৰোধ কৰিব খোজাত সেইবাৰ নগাৰ চাঙ্গলৈকে গৰকি সেই লোকক বশ কৰিলে* তাৰ পৰা নামৰূপলৈ আহিল। তাতে কিছুদিনমান থাকি চিপাম, শলগুড়ি, হাবুঙ্গ আৰু শিমলুগুড়িত ক্ৰমে থাকি থাকি ইফালৰ লোকৰ আচাৰ নীতি বুঝি চৰাই দেৱলৈ আহি তাতে নগৰ কৰিলেহি। মটক ও বৰাহি ই দুজাতি মানুহে তেওঁক পূবৰ পৰা ভটীয়াই অহা দেখি ৰণ কৰাত চুকাফ৷ জয়ী হ’ল। আৰু ১১৬৪ শুঁকত সিসকলে সইতে সন্ধি কৰে। চৰাই দেৱত নগৰ কৰাৰ পাছত নকৈ লোৱা দেশখনি যেতিয়া সুথিল হ’ল চুকাফাই ভাবিলে বোলে হেঙ্গদানেৰে বশ কৰাতকৈ কুকুৰাৰে পৰাজিত লোকসকলক শীঘ্ৰে বশ কৰিব পাৰি। এই মতে বিবেচনা কৰি মটক বা মৰাণবিলাকক খড়ি ভাৰী, ও বাড়ীচোৱা আৰু বৰাহিবিলাকক চাঙ্গমাই, জৰাধৰা, ভঁড়ালী, বুেজ আৰু কুকুৰ| চোৱা এনেবিলাক বিশ্বাসী

  • এই পাটকাই ৯টা পৰ্ব্বত একে লগে থকা দেখি চুকাফা ৰজাই ইয়াক “ডউক

উঙ্গ” বুলিছিল৷ ই এই দেশৰ এক প্ৰকাৰ এফালৰ সীমা।