পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী ভটীয়াই আহিল। আৰু ইজনাই যে ওপৰত কোৱা চুকাফ৷ ৰজা ই সঁচা। খুলুঙ্গ খুন্‌লাইৰ বিবৰণত তেওঁবিলাক স্বৰ্গৰ পৰা নামি অহাৰ সময়ত কুকুৰাৰ ঠেঙ্গেৰে মঙ্গল চোৱা চোমদেৱক পূজা কৰা ইত্যাদিৰ যি কথা আছে সি কথাতে আহোমবিলাকৰ সকলে৷ কথাই পোৱা যায়। আহোমবিলাকে যে হিন্দু ধৰ্ম্ম গ্ৰহণ কৰে, সিও কেৱল সিসকলৰ চোমকে পূজা কৰাই মূল কাৰণ। কিয়নো সেই দেৱতাৰ মূৰ্ত্তি, হিন্দু দেৱতাৰ যন্ত্ৰৰ দৰে। আগৰ ব্যৱহাৰতো আহোমবিলাকৰ আচাৰ-ব্যৱহাৰে সইতে ওচৰৰ পৰ্ব্বতীয়৷ জাতিবিলাকৰ আচাৰে সইতে মিল আছে। ইসকল কথাৰ দোৱাৰাই আহোমবিলাকৰ গুড়ি নিশ্চয়ে যে পৰ্ব্বতীয়া ইয়াত সন্দেহ নজন্মে। সেইসকলে ক্ৰমে ক্ৰমে আপোনাৰ ৰাজ্য বিস্তাৰ কৰি পাছে এই আসাম দেশ লই প্ৰায় ছশ বছৰ ৰাজত্ব কৰিলে। এতিয়া সিবিলাকৰ অৱস্থ৷ এনে হইছে যে ৰাজ্য আক্ৰমণ কৰি ফুৰা পৰ্ব্বতীয়া জাতিৰ সন্তান যে সিসকল ই কথাৰ নামহে আছে। আৰু অনেকৰ জাতি ধৰ্ম ও ভাষা পৰ্য্যন্ত বিস্তৃতি হই গইছে।