পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষষ্ঠ অধ্যায় পুৰাতনীয়া কথাৰ দৰে। সিসকলৰ আচাৰ-ব্যৱহাৰ আৰু অন্য অন্য কথালৈ চালে এনেটো নিশ্চয়ে বিশ্বাস জন্মে যে আহোমবিলাকৰ আদি ঠাই ব্ৰহ্মাদেশৰ গুড়িৰ শ্যাম দেশ। খৃষ্টৰ সাত শ শতাব্দিত মুসলমান ধৰ্ম্মৰ স্ৰোত চাৰিওফালে যাবলৈ ধৰে। সেই ধৰ্ম্মৰ তাতাৰ জাতিয়ে চীন দেশ আক্ৰমণ কৰে। ব্ৰহ্মা, শ্যাম প্ৰভৃতি দেশত, সি. সময়ত এক ভয়ানক, ৰাজবিপ্লৱ হোৱাত আহোমবিলাক এইৰূপে ক্ৰমে ভটীয়াই আহি ব্ৰহ্মা দেশৰ আৰু অসম দেশৰ মাঝৰ পৰ্ব্বতবিলাকত থাকেহি আৰু তাতে সি সকলৰ “শ্যান” নাম হয়। খুলুঙ্গৰ এজনা কোঁৱৰ আৱা বা ব্ৰহ্মাদেশৰ ৰজা হোৱা বুলি লেখা আছে। ব্ৰহ্মা ৰজাই এই দেশৰ ৰজাক “ভাই ৰজা” বুলি কয় আৰু সেই “ভাই ৰজাৰ” দেশ ৰক্ষা কৰিবলৈহে তাৰ অনেক কালৰ পাছত ১৭৩৯ শকত সৈন্য পঠায়। লঙ্গোৰ বিষয়ে যি কথা কোৱা হইছে তাৰ দ্বাৰাও চীন ৰাজ্যৰ হুলস্থুলৰ কথা প্ৰতীতি হয়। চীনৰ ৰাজা ৰাজ্যভ্ৰষ্ট হোৱাত সি বংশৰ কোনো ৰজা বা কোনো লোকে আক্ৰমণকাৰীসকলক খেদাবলৈ যি উদ্যোগ কৰে লঙ্গোৰ বিবৰণে তাকেই মাথোন কয়। যি শতাব্দিত মুসলমানবিলাকৰ পূৱফালে ৰাজ্য বিস্তাৰ হোৱাৰ কথা লেখা গইছে, সি শতাব্দিতে খুলুঙ্গ খুনখুলায়ে স্বৰ্গৰ পৰা নামি অহা জনা যায়। শ্যানবিলাকৰ মাঝত যি বিবৰণ প্ৰচাৰ আছে, তাৰেও কিছুমান অনুসন্ধানৰ সাহায্য পোৱা যায়। সিসকলৰ মতে শ্যান জাতিৰ ৰাজ্য খণ্ডক এতিয়াও পঙ্গ দেশ বোলে আৰু তাৰ ৰাজধানীৰ নাম মঙ্গমাওৰঙ্গ।* আৰু সি দেশৰ প্ৰথম ৰজাৰ নাম খুৱলাই থকা বুলি সিসকলে কয়। সেইজনাই যে খুন্‌লাই ইয়াক নপতিয়াবলৈ একে৷ কাৰণ নাই। খুৱলাইৰ মৰণৰ পাছে কেইজনামান ৰজ| হই যোৱাত মৰ্গনৌ নামে এজন৷ ৰজা হয়। খ্ৰীষ্টৰ ৭৭৭ বছৰত তেওঁৰ মৃত্যু হয়। তেওঁৰ চুকাম্ফা ও চামলোম্ফ| নামে দুই পুতেক থাকে। সি দুজনাই ক্ৰমে মণিপুৰ, কাছাৰ প্ৰভৃতি আক্ৰমণ কৰিবলৈ ধৰি পাছে দুয়ো ভায়েকৰ মাঝত বিৰোধ হোৱাত এক ভায়েক এইখানেই যে আমাৰ বুৰঞ্জীৰ মুংৰি মুংৰাঙ্গ এনে বিশ্বাস হয় আৰু আমাৰ বুৰঞ্জীত মুং কং নামে যি দেশৰ কথা আছে, শ্যান ৰাজ্যত এতিয়াও মুং কং নামে যি এখন প্ৰদেশৰ কথা কয় সি এয়েই হয়।

৯ ৬৫