পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আসাম বুৰঞ্জী

প্ৰকৃতে অসম ঠাইতে ম আৰু ঠাইতে দ। ব্ৰহ্মপুত্ৰ মহানদে এই দেশ খনকে উত্তৰ কূল আৰু দক্ষিণ কূল এই দুই খণ্ডে ভগাইছে। ধনসিৰী, ভৈৰবী, দিহিং, দিখৌ, সোণাই, বড় নদী, কলহী, মানাহ, চাউল খোৱা প্ৰভৃতিয়ে ইয়াৰ কৰ যোগাইছে। আৰু ইয়াৰো কলঙ্গ প্ৰভৃতি কেইবা শাখাও আছে।

 এই দেশৰ পাৰ্ব্বত্য, সমতল আৰু জলমগ্ন ভূমি বিবেচনা কৰি ইয়াক তিনি ভাগে বিভক্ত কৰিব পাৰি। প্ৰথম দুইয়ো কূলৰ ওখ ওখ পৰ্ব্বত ভাগ দ্বিতীয় উত্তৰ আৰু দক্ষিণ কূলৰ সমতল বাম ঠাই। তৃতীয় এই দুইয়ো কূলৰ বাৰিষা পানীত তলযোৱা ঠাইবিলাক। উত্তৰ কূলৰ কামৰূপ জিলাৰ ক্ষেত্ৰি প্ৰভৃতি পৰগণা আৰু বড় নদীৰ সমীপৰ কিছুমান ঠাই আৰু আন কোনো কোনো ঠাইক এড়ি প্ৰায় বাম। আৰু দক্ষিণ পাৰে সেই ৰূপে কলঙ্গ আৰু ব্ৰহ্মপুত্ৰৰ মাঝৰ চাপৰী আৰু আন আন কিছুমান ঠাইক এড়ি অপেক্ষাকৃত সমতল। এইটি বড় আশ্চৰ্য্য যে উত্তৰ কূলত দ আৰু পানীত তলযোৱা মাটীৰ প্ৰায় সমানে দক্ষিণ কূলত ওখ মাটী। আৰু দক্ষিণ কূলৰ দ আৰু পানীত তলযোৱা মাটিৰ প্ৰায় সমানে সিপাৰে ওখ মাটী। এই বিলাকত বাহিৰেও কলীয়াবৰ, জাগী, বাঘবৰ, হাজো, নগৰবেড়া প্ৰভৃতি অকল শৰীয়া ওখ পৰ্ব্বত। আৰু তাৰ উচ্চতা ৭০০ ফিট পৰ্য্যন্ত দেখা গইছে। আৰু বিল বা জলাহ প্ৰভৃতি দ ঠাই এই দেশত অনেক আছে।

 ইয়াৰ জল আৰু বায়ু অতিশয় অস্বাস্থ্যকৰ বুলি অনেকে কইছিল। এই কথা কিমান সঁচা তাক কব নোৱাৰি। কিন্তু লোক সমাজত যিমান ভয় লগা হই সেই কথা প্ৰসিদ্ধ আছে তিমান নহয়। ভাৰতবৰ্ষৰ আন আন ঠাইৰ দৰে ইয়াতো বাৰিষাৰ আদি আৰু শেষ সময়েই ৰোগ বৃদ্ধিৰ কাল। হাবি আৰু পানীত তল যোৱা ঠাই থকাহে এই দুৰ্নামৰ মূল। এই দেশৰ অনেক হাবি কটা হই এতিয়া পৰিষ্কাৰ হোৱাত সেই সকল ঠাইৰ পূৰ্ব্বৰ অপবাদ গুছি আকৌ ভাল বুলিহে প্ৰসিদ্ধ হইছে।

 অসম দেশত শীত আৰু গ্ৰীষ্ম দুইয়ো প্ৰায় সমান। জ্যৈষ্ঠ আৰু আষাঢ়ত যেনে গ্ৰীষ্ম তাৰ বিপৰীত শীত পৌষ মাহত হয়। কোনো দিন