পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 ৬২ আসাম বুৰঞ্জী লগতে পঠালে। খুলুঙ্গ আৰু খুন্‌লাইএ মন্ত্ৰী আৰু লগৰ লোক সকলে সইতে হৰ্ষমনে ৪৯০ শকত সোণৰ জখলাৰে স্বৰ্গৰ পৰা নামি আহি মুঙ্গৰিঙ্গ মুঙ্গৰাম্ নামে এক অৰাজক ঠাইত ওলালহি। পৃথিবী পাই কুকুৰাৰ বিচাৰ কৰাত নাপাই দুয়ো ভায়েক বৰ বেজাৰ অসন্তোষ কৰি থাকোঁতেই লঙ্গে৷ নামে মানুহ এটাই জনালে বোলে, পঠালে পাহৰি এৰি অহা বস্তু আনিব পাৰে৷ আৰু তাৰ অৰ্থে খেহ (চীন) দেশখান পুৰস্কাৰ স্বৰূপ পাবলৈকে৷ আশা কৰোঁ। তাতে তেওঁ বিলাকে সন্মত হই লঙ্গোকে স্বৰ্গ লৈ পঠালে। লঙ্গোৰ মুখে ই সকলো কথা শুনি ইন্দ্ৰে বেজাৰ কৰি সেই কুকুৰ৷ ও হেঙ্গদান আৰু ঢাক পঠালে। লঙ্গোয় আহি ইন্দ্ৰব ক্ৰোধৰ কথা জনালে, আৰু কলে বোলে “কাইচোঙ্গ মুঙ্গক” মাৰি তাৰ মঙ্গহখনি খাব। ঠেঙ্গেৰে মঙ্গল চাব, পাখী পিন্ধিব আৰু মূৰটো আৰু ডৌকা দুখন সি অৰ্থাৎ লঙ্গোয়ে খাব। আৰু চীন ডাঙ্গৰ দেশ, তাক বশ কৰি পালিবলৈ সমৰ্থ হবৰ নিমিত্তে হেঙ্গদানখনো সেই লঙ্গোয়ে লব। এই আজ্ঞা পাই খুলুঙ্গ খুনলাইএ সেইৰূপে আচৰিলে। কুকুৰাৰ ঠেঙ্গেবে মঙ্গল চোৱাত খুলুঙ্গৰ ফালে জয় হোৱা পালে। লঙ্গোত্ৰ ডেউকা খালে আৰু হেঙ্গদান ললে। খুলুঙ্গ খুন্‌লাইএ সেই মুঙ্গৰিঙ্গ মুংৰামতে নগৰ কৰি আয়ুবৰ বাটৰ থাপি খুলুঙ্গ ৰজা আৰু খুন্‌লাই যুবৰাজ হই থাকিল। খুন্‌লাইৰ দুষ্ট বুদ্ধিত মতি হই আয়ুবৰ গছৰ শিপাত সোণৰ গুণা মেৰাই থলে৷ আৰু খুলুঙ্গক কলে বোলে ৰজা হব লাগিলে সেই গছত চিন উলিয়াব লাগে। খুলুঙ্গে একে৷ চিন উলিয়াব নোৱাৰিলে কিন্তু খুন্‌লাইএ উলিয়ালে। আৰু কলে বোলে “ময় হে মূল ৰজা তুমি দুৱলীয়াহে।” খুন্‌লাইয়ে আন আন লোকে সইতে পৰামৰ্শ কৰি খুন্‌লুঙ্গৰ প্ৰতি দ্ৰোহ আচৰিবলৈ ধৰাত্ খুন্‌লুঙ্গে চোমদেৱক চুৰকৈ লই ইন্দ্ৰৰ তলৈ গৈ সকলে৷ কথা জনোৱাত খুলুঙ্গক মুং খুং মুজাও দেশত ৰজা হই থাকিবলৈ কলে। খুন্‌লাইক শাপ দি সেই

  • কোনো কোনো মতে সোণৰ শিকলীৰে আৰু কাৰো মতে লোৰ জখলাৰে থুলুঙ্গ

খুনলাই নামি অহা প্ৰসিদ্ধ।