সমললৈ যাওক

পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
আসাম বুৰঞ্জী

লগতে পঠালে। খুন্‌লুঙ্গ আৰু খুন্‌লাইএ মন্ত্ৰী আৰু লগৰ লোক সকলে সইতে হৰ্ষমনে ৪৯০ শঁকত সোণৰ[] জখলাৰে স্বৰ্গৰ পৰা নামি আহি মুঙ্গৰিঙ্গ মুঙ্গৰাম্ নামে এক অৰাজক ঠাইত ওলালহি। পৃথিবী পাই কুকুৰাৰ বিচাৰ কৰাত নাপাই দুয়ো ভায়েক বৰ বেজাৰ অসন্তোষ কৰি থাকোঁতেই লঙ্গো নামে মানুহ এটাই জনালে বোলে, পঠালে পাহৰি এৰি অহা বস্তু আনিব পাৰোঁ আৰু তাৰ অৰ্থে খেহ (চীন) দেশখান পুৰস্কাৰ স্বৰূপ পাবলৈকো আশা কৰোঁ। তাতে তেওঁ বিলাকে সন্মত হই লঙ্গোকে স্বৰ্গলৈ পঠালে। লঙ্গোৰ মুখে ই সকলো কথা শুনি ইন্দ্ৰে বেজাৰ কৰি সেই কুকুৰ৷ ও হেঙ্গদান আৰু ঢাক পঠালে। লঙ্গোয় আহি ইন্দ্ৰৰ ক্ৰোধৰ কথা জনালে, আৰু কলে বোলে “কাইচোঙ্গ মুঙ্গক” মাৰি তাৰ মঙ্গহখনি খাব। ঠেঙ্গেৰে মঙ্গল চাব, পাখী পিন্ধিব আৰু মূৰটো আৰু ডৌকা দুখন সি অৰ্থাৎ লঙ্গোয়ে খাব। আৰু চীন ডাঙ্গৰ দেশ, তাক বশ কৰি পালিবলৈ সমৰ্থ হবৰ নিমিত্তে হেঙ্গদানখনো সেই লঙ্গোয়ে লব। এই আজ্ঞা পাই খুন্‌লুঙ্গ খুনলাইএ সেইৰূপে আচৰিলে। কুকুৰাৰ ঠেঙ্গেবে মঙ্গল চোৱাত খুন্‌লুঙ্গৰ ফালে জয় হোৱা পালে। লঙ্গোএ ডেউকা খালে আৰু হেঙ্গদান ললে।

 খুন্‌লুঙ্গ খুন্‌লাইএ সেই মুঙ্গৰিঙ্গ মুংৰামতে নগৰ কৰি আয়ুবৰ বাট্‌বৰ থাপি খুন্‌লুঙ্গ ৰজা আৰু খুন্‌লাই যুবৰাজ হই থাকিল। খুন্‌লাইৰ দুষ্ট বুদ্ধিত মতি হই আয়ুবৰ গছৰ শিপাত সোণৰ গুণা মেৰাই থলে। আৰু খুন্‌লুঙ্গক কলে বোলে ৰজা হব লাগিলে সেই গছত চিন উলিয়াব লাগে। খুন্‌লুঙ্গে একে৷ চিন উলিয়াব নোৱাৰিলে কিন্তু খুন্‌লাইএ উলিয়ালে। আৰু কলে বোলে “ময় হে মূল ৰজা তুমি দুৱলীয়াহে।” খুন্‌লাইয়ে আন আন লোকে সইতে পৰামৰ্শ কৰি খুন্‌লুঙ্গৰ প্ৰতি দ্ৰোহ আচৰিবলৈ ধৰাত খুন্‌লুঙ্গে চোমদেৱক চুৰকৈ লই ইন্দ্ৰৰ তলৈ গৈ সকলো কথা জনোৱাত খুন্‌লুঙ্গক মুং খুং মুজাও দেশত ৰজা হই থাকিবলৈ কলে। খুন্‌লাইক শাপ দি সেই


  1. কোনো কোনো মতে সোণৰ শিকলীৰে আৰু কাৰো মতে লোৰ জখলাৰে খুন্‌লুঙ্গ খুনলাই নামি অহা প্ৰসিদ্ধ।