পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষষ্ঠ অধ্যায় মুঙ্গৰিং মুঙ্গৰামত থাকিব দিলে। সেই মুং খুং মুংজাও দেশত খুলুঙ্গে অকণ্টকে ৪০ বংসৰ ৰাজ্য ভোগ কৰি স্বশৰীৰে ৫৩১ শঁকত স্বৰ্গলৈ গল। এওঁ জীয়াই থাকোঁতেই এওঁৰ সাতজনা কোঁৱৰৰ বড় জনাক চোমদেৱক দি মুং কং বা তাই তুং কুং দেশৰ ৰজা পাতিলে। তেওঁৰ তলতীয়া খুন্‌ফাক ভাটী দেশৰ, তেওঁৰ তলতীয়া খুনঙ্গুক লামং তাই অৰ্থাৎ জীউত্ৰা দেশৰ তেওঁৰ তলতীয়া খুন্‌লাক মুংকলা দেশৰ, তেওঁৰ তলতীয়া খুস্তাক আৱা অৰ্থাৎ মান বা ব্ৰহ্মা দেশৰ আৰু সকলোতকৈ সৰু খুণ্ডুক সেই মুঙ্গ খুংমংজাওতে ৰজা পাতিলে। আগৰ প্ৰতিজ্ঞা অনুসাৰে লঙ্গোত্ৰ খেহ দেশ পালে। খুনলুঙ্গৰ পাছত তিনিজনা ৰজাই সি দেশত ৫৯ বৎসৰ ভোগ কৰে, পাছে ৫৯০ শঁকত ত্যাও খুঞ্জন ৰজা হয়। খুন্‌লাই মুং ৰিং মুংজাওত বজা হই পাছে মৃত্যু হল। এওঁ পূৰ্ব্বৰ দুশ্চৰিত্ৰৰ নিমিত্তে স্বৰ্গ লৈ যাব নোৱাৰিলে। তেওঁৰ পুতেক অপুত্ৰকে মৃত্যু হোৱাত মন্ত্ৰীয়ে ত্যাও খুঞ্জন ৰজাৰ খাম্পংফা নামে পুতেক এজনাক আনি মুংৰিং মুংজাও দেশত ৰজা পাতিলে। এওঁ আৰু এওঁৰ পাছৰ ১১ জনা ৰজাই ৩৫৭ বছৰ ৰাজ্য ভোগ কৰে। শেষৰজনা বজাই ৯৫৮ শুঁকত অপুত্ৰক থাকি স্বৰ্গী হলত মন্ত্ৰী সকলে খুঞ্চু ৰজাৰ বংশৰ ত্যাও আই পং নামে কেঁাঁৱৰ এজনাক আনি ৰজা পাতিলে। ইজন৷ আৰু ইজনাৰ পাছত আন এজন৷ বজা হ'ল। এই- জন৷ ৰজা হই তেওঁৰ চাৰিজনা কেঁাঁৱৰৰ মাঝৰ চুকাফাক নিজ দেশত ৰজা পাতি আন কেইজনক আন আন দেশত ৰজা পাতিলে। চুকাফা ৰজাই তেওঁব বংশৰ কোনো ভাই ৰজাৰে বিৰোধ হোৱাত মুং কং দেশলৈ গই চোম দেওক লুকাই লই আহোম মতৰ ৫৯০ আৰু ১১৫০ শঁকৰ ১৫ আঘোনত ভটিয়াই আমাৰ দেশৰ উজনিৰ এক খণ্ড পালেহি। তাৰ পাছৰ পৰা তেওঁৰ ৰাজত্বৰ শঁক আৰম্ভ হ'ল। বুৰঞ্জীত এনেৰূপে লেখা আছে বোলে চুকাফা ৰজাৰ লগত ১০৮০ মানুহ, দঁতাল হাতী ১, মাথুন্দি হাতী ১, ঘোড়া ৩০০ আৰু থাও মুং ক্লিং লুঙ্গমাংবাই বুঢ়া গোঁহাই আৰু থাও মুংকানঙ্গ বড় গোঁহাই আহিছিল। ৬৩ আহোম ৰজা বিলাকৰ উৎপত্তিৰ বিষয়ে আৰু একমত আছে সেইটি এই। সৌমাৰ পীঠৰ পূবফালে স্বৰ্ণাজি আৰু হিকুট পৰ্ব্বতৰ মধ্যতে