পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষষ্ঠ অধ্যায় পৃথিবীৰ আন আন দেশৰ পুৰণি কালৰ লোক সকলৰ দৰে আহোম বিলাকেও দেৱতাৰ বংশ বুলি কয়। এইটে৷ কেৱল সি সকলৰ অপ্ৰসিদ্ধ বংশাবলী প্ৰসিদ্ধ কৰিবলৈ প্ৰকাশ কৰা ঠাৱৰ হয়। আহোম বিলাকে যেই কি নকওক তেওঁ বিলাক যে অসম দেশৰ পূব ফালৰ পৰ্ব্বতৰ মানুহ ইয়াত সন্দেহ নাই। আহোম বিলাকৰ বুৰঞ্জীত তেওঁ বিলাকৰ আদিব বিষয়ে যিৰূপ কথা আছে, তাৰ সাৰ এই। কোনো এক সময়ত স্বৰ্গদেৱ অৰ্থাৎ ইন্দ্ৰ ৰজাই স্বৰ্গত থাকি মনতে ভাবিলে, বোলে সকলে৷ দেৱতাৰ সন্তান পৃথিবীত আছে, তেওঁৰ নাই, আৰু তেওঁৰ বংশ যেন ৰজা হয়। এই বুলি আপোনাৰ পুত্ৰ থেনখামক মতাই আনি পৃথিবীলৈ পাঁচিলে৷ তেওঁ নগই তেওঁৰ দুই পুতেক খুলুঙ্গ আৰু খুন্‌লাইক আজ্ঞা কৰিলে। সেই দুজন' কোঁৱৰে আজ্ঞ| অনুসাৰে পৃথিবীলৈ নামি আহিবলৈ স্বীকাৰ কৰাত স্বৰ্গদেৱে সন্তোষমনে নিজ নাতিয়েক দুজনক পাঁচি দিলে লাউখ অৰ্থাৎ বিশ্বকৰ্ম্মাই নিৰ্ম্মাণ কৰা চোমদেৱ ( এক দেবতাৰ যন্ত্ৰ ) হেঙ্গদান ( খড়্গ ) কাইচেন্ মুঙ্গ নামে দুযুড়ি কুকুৰ৷ দি কলে, বোলে খুলুঙ্গ ডাঙ্গৰ হোৱাত ৰজা আৰু খুন্‌লাই সৰু হোৱাত মন্ত্ৰী হব। চোমদেৱ দেৱতাক প্ৰতি দিনে আৰু বছৰে বছৰে যেনেকৈ পূজা কৰিব লাগে তাৰো বিধান ক’লে। সেই হেঙ্গদানখান, খান খাম্‌ফা, অৰ্থাৎ আদ্যা শক্তি গোসানীৰ৷ সেই হেঙ্গদান সদাই আপোনাৰ আসনৰ ওচৰতে থব লাগে। কাটিবলগীয়া কোনো মানুহক তাক সেৱা কৰালে ধাৰৰ ফাল যদি সমুখ হয়, তেনেহলে তাক কাটিব লাগে আৰু সেয়ে নহলে নালাগে। যদি কোনো আবৰি মানুহ থাকে তালৈ সেই হেঙ্গদান টোৱালেই সি বশবৰ্ত্তী হব। কাইচেঙ্গ মুঙ্গ কুকুৰ| দুযুড়ি মাৰি ঠেঙ্গেৰে মঙ্গল চাবলৈ আৰু সেই মঙ্গল মতে চলিবলৈ পাখী মঙ্গল কৰ্ম্মত পিন্ধিবলৈ ও মূৰ আৰু ডৌকা দুখন খাবলৈ আজ্ঞা কৰিলে। খুন্তম্ অৰ্থাৎ চন্দ্ৰ, খুবান অৰ্থাৎ সূৰ্য্যৰ দুটি পুতেকক লগত মন্ত্ৰী কৰি দিলে, আৰু দেৱতাৰ পণ্ডিত লাউখি, অৰ্থাৎ বৃহস্পতিৰ পূজাকৃজিৰ সন্তানকে৷ সেই খুলুঙ্গ খুন্‌লাইৰ