পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অধ্যায় কুতব, নাথুন্ন৷ এই কেইজনে কামৰূপত ৰাজত্ব কৰে। এই কেইজনৰ সৰ্ব্বমুঠ ভোগৰ কাল ২৬ বছৰ। ইমান সংক্ষেপ ভোগৰ কালৰ পৰা এইটো বিশ্বাস হয় যে নকৈ দেশ লোৱাৰ বাবে মুসলমান হঁতে সদাইন ন সেনাপতি আৰু শাসনকৰ্ত্তা পঠাইছিল। এওঁ বিলাক কোনোজনে ৰঙ্গামাটিত থাকিয়েই আৰু কোনোজনে বা হাজোত থাকি আৰু কোনোজনে গুৱাহাটীত থাকি যি অলপ দিন হয় দেশ শাসন কৰিছিল। এতিয়াৰ জিল৷ কামৰূপখনি প্ৰায় গোটেই মুসলমানৰ অধীন আছিল। দৰঙ্গী ৰজাৰ ফৈদ স্বাধীন থাকিলেও মুসলমানৰ কৰতলীয়া যে আছিল কোনো সংশয় নাই। ইফালে বিজনীৰ ৰজা আৰু সমুদায় গুৱালপাড়া জিল। মুসলমানৰ অধীন আছিল। ১৫৭৬ শুঁকত চুড়া মলা হিন্দুমতে জয়ধ্বজ সিংহ ৰঙ্গপুৰৰ সিংহাসনত উঠে। তেওঁ হিন্দুধৰ্ম্মত দীক্ষিত হই কামাখ্যা দেবীৰ মন্দিৰ পুনৰাধিকাৰ কৰিবৰ কাৰণে ইচ্ছা কৰিলে আৰু পূৰ্ব্বৰজনা ৰজাৰ শহুৰেকক বৰ ফুকন বিষয় দি গুৱাহাটীলৈ পঠালে। তেওঁ গুৱাহাটী অধিকাৰ কৰিলে। ইংৰাজী ১৬৮৫ সনত বঙ্গালাৰ শাসনকৰ্ত্ত৷ মীৰজুমলাই তেওঁৰ লগত মজুম খাঁ নামে সেনাপতি আৰু বিস্তৰ সৈন্য লই কামৰূপ আক্ৰমিবলৈ আহিল। আহোমৰ সৈন্য পৰাস্ত হ’ল। গুৱাহাটী এবি মীৰজুমলা উজাই গড়গাঁও নগৰ ললে। জয়ধ্বজ সিংহ ৰজা পলাই চড়াই খোৰোঙ্গ পৰ্ব্বতলৈ গ'ল। পাছে বাদসাহলৈ ৰমণী গাভৰু নামে কন্যা আৰু ৰূপ সোণ বন্দী-বেটী দিলত মীৰজুমলাই দেশ এৰি গুছি গল। ইফালে বাবিষ৷ হলত মীৰজুমলাৰ সৈন্যৰ বড় বিপত্তি হবৰ আশঙ্কাত এই সন্ধি কৰা হ’ল। মীৰজুমল| বঙ্গাল দেশলৈ ভটীয়াই গ'লত মজুম খাঁই কামৰূপ ৰাজ্য শাসন কৰিবলৈ আৰম্ভিলে। এওঁৰ পাছত মসিদ খাঁ আৰু সৈয়দ পীৰোজ শাসনকৰ্ত্ত৷ হয়। এই কেইজনাই পূৰ্বৰ দৰে কামৰূপ শাসন কৰিছিল। কিছু দিনৰ পাছত বাদসাহাৰ পৰ৷ শিৰোপা আৰু বটাই সইতে উকীল আহি কব খোজাত চক্ৰধ্বজে অপমান কৰি পঠালে। উকাল উভতি গ'ল। এখেত ঘোড়া কোঁৱব সকজন৷ বৰফুকন ভটীয়াই গই আকৌ গুৱাহাটী অধিকাৰ কৰিলে। দীল্লীশ্বৰে অতিশয় ক্ৰুদ্ধ হই ১৫৯১ শুঁকত অনেক সৈন্যেৰে ৰাজাৰাম সিংহক পঠালে। b ৫৭ 1