পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী বিজিত নাৰায়ণে আৰু মানাহাৰ পৰা উজাই দিকৰাই পৰ্য্যন্ত দেশ খণ্ড পৰীক্ষিতৰ ভাইএক বলিত নাৰায়ণে ল’লে। মকৰস খাঁৰ নগৰ ৰঙ্গামাটিত আছিল৷ এওঁৰ পাছত বড় দেনী লক্ষ্মী নামে এজনে কিছুমান দিন শাসন কৰে। ইয়াৰ পাছত সৈয়দ বাবাকৰ নামে মুসলমানব সেনাপতি কামৰূপৰ অধিকাৰী হল। এওঁৰ দিনত হাজোত মুসলমানৰ এক থানা হল। বাবাকব এই ঠাইতে থাকিছিল। তেওঁ সত্ৰাজিত নামে এজন দেশীয় লোকে সইতে সৌমাৰ দেশ আক্ৰমণ কৰিবলৈ অনেক সৈন্য লই আহে। বাবাকৰে প্ৰথমে বেপাৰৰ ছলে এজন গোমোস্তাক দেশৰ অবস্থা বুঝিবলৈ পঠায়। কলিয়াবৰত থকা আহোমৰ সৈন্যে সেই গোমোস্তাক কাটি নাও লুটিলে। নত্ৰাজিতে অনেক সৈন্য লই কলিয়াবৰলৈ আহি ১৫৪৮ শুঁকত অনেক উপদ্ৰব কৰে। আৰু বিশ্বনাথৰ পৰা নটিনী ধৰি নিয়ে। পাছে ১৫৪৯ শকত তেজপুৰৰ ওচৰৰ ভৰলীতে আহোম আৰু বঙ্গালৰ ঘোৰ যুদ্ধ হয়। সেই যুদ্ধত বাবাকব পলি। সত্ৰাজিতক আহোমৰ সৈন্যে ভটীয়াই খেদি নিলে। আৰু গুৱাহাটী অধিকাৰ কৰিলে। পানী সিন্ধিয়৷ নেউপ নামে এজন আহোমৰ কৰ্ম্মচাৰী বড় ফুকন উপাধিৰে শাসনকৰ্তা নিযুক্ত হল। এইজনেই প্ৰথম বড় ফুকন। এওঁৰ পাছত আৰু পাঁচ জন ফুকন হ’ল। এই সময়ত কামৰূপৰ অধিক ভাগ আহোমৰ অধীন থকা জনা নেযায়। কেবল গুৱাহাটীহে ৰক্ষা কৰি আছিল। উত্তৰ কুলত দৰঙ্গী ৰজাৰ ফৈদে আৰু ৰঙ্গ। মাটিৰ নবাবৰ অধীনৰ লোকে অধিক ভাগ শাসন কৰিছিল। ইয়াৰ পাছতে মুসলমানৰ মিৰজাবাদ নামে সেনাপতি এ আকৌ গুৱাহাটী লবলৈ যত্ন কৰে। কিন্তু নোৱাৰিলে। মিৰ্জাবাদৰ পাছত ববৃবম বেগ ৰঙ্গামাটিৰ পৰা আহি আহোমক গুৱাহাটীৰ পৰা খেদালে। এইজন সেনাপতিৰ পাছত মিৰ্জ৷ ৰমনা খাঁ, আবদুল ইসলাম খাঁ, ইসলাম খাঁ, সেখ বিৰাম, সেমস্ত খাঁ, মখজুম ইসলাম খাঁ, আৰু মহৰ্দ্ধি এই কেইজনে ক্ৰমে কামৰূপ শাসন কবে। 'মোমাই তামুলী বড় বড়ুয়াই এবাৰ গুৱাহাটী লইছিল গই কিন্তু মুসলমানৰ পৰাক্ৰম অধিক হোৱাত আকৌ উলটি আহিল। ইয়াৰ পাছত মিৰজা জয়না, ইস্পীঞ্জৰ খাঁ, নবাব হুৰুল্লা, আনিয়াৰ খাঁ, মিৰজাহুসেন খাঁ, জাৰী মিঞা, সৈয়দ হোসেন, সৈয়দ ৫৬