পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী ঘোড়া কেঁাঁৱৰ পৰাস্ত হল। ৰামসিংহে গুৱাহাটী অধিকাৰ কৰি উজাই আহিবলৈ উদ্যোগ কৰাত ৰঙ্গপুৰৰ পৰা মোমাই তামুলী বড় বড়ুয়াৰ পুতেক লাচিত বড় ফুকন নিযুক্ত হই গ'ল। গুৱাহাটীৰ ওচৰৰ সৰ৷ ঘাটতে যুদ্ধ হোৱাৰ পাছত আহোম ৰামসিংহক খেদি গ'ল আৰু তেতিয়াৰ পৰা মানাহ৷ নদী সীমা ধাৰ্য্য হল। আৰু হাদীৰাত আহোমৰ চকী হল। লাচিতৰ পাছত মোট কাতলীয়৷ প্ৰভৃতি কেইবা জনে৷ বড়ফুকন হই কামৰূপ শাসন কৰে। তেতিয়াও বঙ্গালৰ উপদ্ৰৱ যোৱা নাছিল। ১৬০৪ শকত সন্দিকি বড়ফুকনে গই নিৰুপদ্ৰৱে মুসলমানৰ হাতৰ পৰা গুৱাহাটী ললে। ইংৰাজী ১৬৮৩ সন আৰু ১৬০৫ শুঁকত মঞ্জুৰ খাঁ নামে এজনা নবাব আকৌ গুৱাহাটী লবলৈ অহাত গুৱাহাটীত শুদ্ৰেশ্বৰৰ ইটাখুলীতে যুদ্ধ হয়। মঞ্জুৰ খাঁ পৰাস্ত হ’ল। সন্দিকি ফুকনে তেওঁক ৱঙ্গামাটিলৈকে খেদি গ'ল। ৰঙ্গামাটিৰ নবাবে আহোমৰে আকৌ যুদ্ধ নকৰোঁ বুলি স্থিৰ কৰিলে। সেই শঁকৰ ইংৰাজী ১৬৮৩ সনৰ পৰা কামৰূপত মুসলমানৰ অধিকাৰ গুছিল আৰু আহোম ৰজাৰ অধীন হ’ল। গুৱাহাটীত এজন৷ ৰাজ প্ৰতিনিধি বড়ফুকন থাকি শাসন কৰিছিল। পূৰ্ব্বে কলিয়াবৰেই অসমৰে বঙ্গালবে সীম৷ আছিল, সেই কাৰণে বড়ফুকনৰে৷ অধিকাৰ কলিয়াবৰৰ পৰ৷ বঙ্গাল পাৰলৈকে হল। শোলা বড়ফুকন নামে এজনে মুসলমানক কলিয়াবৰ পৰ্য্যন্তে সন্ধি পত্ৰ কৰি দেশ এৰি দিছিল কিন্তু সেই সন্ধি পত্ৰ আহোম ৰজাই অগ্ৰাহ্য কৰিলে এই সময়ৰ পৰাই কামৰূপ এই নাম লোপ হই অসম দেশৰ অন্তৰ্গত হ'ল। এই কথা জানিবলগীয়া যে ইয়াত যিসকল মুসলমান আক্ৰমণকাৰী বা শাসনকৰ্ত্তাৰ নাম লেখা হইছে সেই সকলৰ মাঝত যিসকল বঙ্গদেশৰ শাসনকৰ্তাৰ নাম লেখা গইছে সেই সকলৰ নামহে বঙ্গদেশৰ বুৰঞ্জীত পোৱা যায়৷ আন বিলাক মুসলমানৰ অধীন ৰঙ্গামাটিত যি থান৷ আছিল তাৰ সেনাপতি বা শাসনকৰ্ত্ত| আছিল। কোনো কোনোজন আকৌ হাজোত যি থান৷ আছিল সেই ঠাইৰে৷ সেনাপতি আছিল। ১৫৮৪ শকত বড় মোকাম নামে প্ৰসিদ্ধ দেৱালয় নিৰ্ম্মাণ কৰে।