পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীশ্ৰীশঃ
আসাম বুৰঞ্জী
অৰ্থাৎ
অসম দেশৰ ইতিহাস
⸺::⸺
প্ৰথম ভাগ
প্ৰথম অধ্যায়

 অসম দেশৰ পূৰ্ব্ব সীমা মিচিমী, চিংফৌ প্ৰভৃতি জাতি থকা পৰ্ব্বত বিলাক। পশ্চিম সীমা, মানাহ নদী আৰু গোয়ালপাড়া জিলাৰ হাবড়াঘাট পৰগণা। উত্তৰ সীমা, ভোট, অকা, ডফলা আৰু আবৰ থকা পৰ্ব্বত শ্ৰেণী। আৰু দক্ষিণ সীমা, নগা, খাসীয়া আৰু গাৰো বিলাক থকা পৰ্ব্বত। ইয়াৰ পৰিমাণ ফল পৰ্ব্বত ভাগ এড়িলে ১৭০৪৪ বৰ্গ মাইল। ইয়াৰ যাবতীয় প্ৰজাৰ সংখ্যা ১৭৭৬০৩৯ জন।

 এই দেশ ভাৰতবৰ্ষৰ পূৰ্ব্ব উত্তৰ চুকে। ইয়াৰ সীমাৰ পূব ফালে আৰু ব্ৰিটিশ ৰাজ্য নাই। ই দীঘলে প্ৰায় ৫০০ মাইল আৰু পথালীয়ে সকলো ঠাইতে সমান নহলেও মুঠে ৬০ মাইল হব। এই দেশৰ উত্তৰ ফালে ভোট প্ৰভৃতি জাতিৰ পৰ্ব্বতবিলাক। তাৰ উত্তৰে সুবিস্তীৰ্ণ হিমালয় পৰ্ব্বত যাৰ বৰফ থকা কোনো কোনো শৃঙ্গ শীত কালত ইয়াৰ পৰা দেখি। ইয়াৰ দক্ষিণ ফালৰ পৰ্ব্বতবিলাক অতি সুবিস্তাৰ। হিমালয় শ্ৰেণীৰ দৰে নহলেও একেবাৰে অশোভিত নহয়। এই হিমালয়ৰ উত্তৰে মানস সৰোবৰৰ পৰা ওলাই ব্ৰহ্মপুত্ৰ নদ মিচিমী বিলাকৰ পৰ্ব্বতৰ মাঝে অসম দেশৰ ভিতৰে বই গই বঙ্গাল দেশত সোমাই সমুদ্ৰত পড়িছে। উত্তৰ আৰু দক্ষিণ ফালৰ পৰা ব্ৰহ্মপুত্ৰৰ গৰ্ভলৈকে মাটি ক্ৰমে নিম্ন হই আহিছে। এই দেশ