পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অধ্যায় খিলিজীএ বঙ্গদেশ জয় কৰি তাৰ পাছ বছৰত কামৰূপ লবলৈ আহে। উত্তৰ গুৱাহাটীৰ পৰা কিছুমান দূৰৈত যে শিলৰ শাঁকো আছে সেই শাঁকে৷ এই খিলিজী সেনাপতিএ সঁজা বুলি প্ৰসিদ্ধ। সেই সময়ত ( ইংৰাজী ১২০৪ সনত অৰ্থাৎ ১১২৬ শুঁকত) আহোম জাতি সৌমাৰ দেশলৈ অহা নাই। সেই কালত কামৰূপৰ ৰাজধানী গুৱাহাটীত নাছিল। ভাটী অঞ্চলতে আছিল। ক’ত আছিল নিশ্চয় নহলেও ৰঙ্গপুৰ জিলাৰ অন্তৰ্গত কমতাপুৰ কি তাৰ ওচৰৰ কোনো ঠাইত আছিল এনে অনুমান হয়। সেই নগৰ অধিকাৰ কৰি খিলিজীএ উজাই আহিছিল, অবশেষত এই দেশৰ লোকৰ দ্বাৰা পৰাস্ত হই তেওঁ ভটীয়াই গ'ল। কোন শাসনকৰ্তা বা ৰজাৰ দ্বাৰা খিলিজী পৰাস্ত হয় তাৰ নিশ্চয় নাই। পাটেৰে একে- লগে গঁথা কেইডালমান বাঁহেই কামৰূপী লোকৰ সেই সময়ৰ অস্ত্ৰ আছিল। এইফালে প্ৰধান ৰজা নাথাকিলেও যি ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজা সকল আছিল সেই সকলোএ একে লগ হই মুসলমানৰ আক্ৰমণ নিবাৰণ কৰিছিল। গৌড়দেশৰ অধিপতি গয়াসুদ্দিন এই দেশলৈ জয় লাভৰ আশা কৰি আহে। তেওঁ সসৈন্যে উজাই জয়ী হই শদীয়ালৈকে গইছিল! শেষত ১৩ তেৰ শতাব্দীৰ আদিত যেতিয়৷ চুকাফ৷ ৰজাই সৌমাৰ দেশলৈ আহি এই দেশ জয় কৰে, তেতিয়াও আহোমৰ লগত বাৰুদ কি তেনে কোনো প্ৰকাৰ বস্তু অন| হোৱাৰ কোনো প্ৰমাণ পোৱা নাযায়। বাৰুদ আমাৰ মানুহে হিলৈৰ ক্ষাৰ, কলাই ক্ষাৰ, বা ক্ষাৰ বা খাৰ বোলে। ইয়াৰ পৰাও সি বিষয়ৰ কোনো প্ৰমাণ পাব নোৱাৰি। সভ্যতা আৰু ৰণ বিক্ৰমৰ বাৰুদ এটি প্ৰধান বস্তু। এনে বস্তু আমাৰ ই দেশৰ পৰা প্ৰচাৰিত হোৱাতো যে তাৰ আমি কোনে৷ নিৰ্ণয় বিচাৰি নাপাওঁ এইটো বৰ আশ্চৰ্য্য! এতেকে ই বিষয় যি কথা তাক অমূলক বুলি সিদ্ধান্ত কৰিবলৈ বিশেষ কাৰণ আছে। ভাৰতবৰ্ষত “আগ্নেয়াস্ত্ৰ” বহুকালৰ পৰ৷ জন৷ শুনা আছে। আৰ্যসন্তান বিলাক এই দেশলৈ অহাত সি বিদ্য৷ এই দেশলৈকে৷ আহে। তাৰে পৰা এই কথা যদি প্ৰচাৰ হইছে ক’ব নোৱাৰি। বখতিয়াৰ থিলিজী এই দেশলৈ অহাৰ পূৰ্ব্বে ই দেশত বন্দুকৰ ব্যবহাৰ যে জানিছিল ইয়াত অনেক সংশয়। মীৰজুমলা নবাব আৰু শুক্লধ্বজ এই দেশলৈ - অহাৰ পাছত কিছুমান তোপ এই দেশত বই যায়। ১৪২২ শুঁকত ছুটিয়া দেশেৰে সইতে যুদ্ধ হোৱাত সেই ৰণ জিকি আহোমৰ চুহুংমুঙ্গ বজাই কেইটামান হিলৈ পায়। ইয়াক জানিব লাগে যে সেই দেশত সি সময়ত ধীৰনাৰায়ণ নামে কামৰূপৰ এজমা ৰজ। আছিল। সেইজনাই ভাটীৰ পৰাহে এই হিলৈ অনাইছিল।