খিলিজীএ বঙ্গদেশ জয় কৰি তাৰ পাছ বছৰত কামৰূপ লবলৈ আহে। উত্তৰ গুৱাহাটীৰ পৰা কিছুমান দূৰৈত যে শিলৰ শাঁকো আছে সেই শাঁকো এই খিলিজী সেনাপতিএ সঁজা বুলি প্ৰসিদ্ধ। সেই সময়ত (ইংৰাজী ১২০৪ সনত অৰ্থাৎ ১১২৬ শঁকত) আহোম জাতি সৌমাৰ দেশলৈ অহা নাই। সেই কালত কামৰূপৰ ৰাজধানী গুৱাহাটীত নাছিল। ভাটী অঞ্চলতে আছিল। ক’ত আছিল নিশ্চয় নহলেও ৰঙ্গপুৰ জিলাৰ অন্তৰ্গত কমতাপুৰ কি তাৰ ওচৰৰ কোনো ঠাইত আছিল এনে অনুমান হয়। সেই নগৰ অধিকাৰ কৰি খিলিজীএ উজাই আহিছিল, অবশেষত এই দেশৰ লোকৰ দ্বাৰা পৰাস্ত হই তেওঁ ভটীয়াই গ’ল। কোন শাসনকৰ্ত্তা বা ৰজাৰ দ্বাৰা খিলিজী পৰাস্ত হয় তাৰ নিশ্চয় নাই। পাটেৰে একেলগে গঁথা কেইডালমান বাঁহেই কামৰূপী লোকৰ সেই সময়ৰ অস্ত্ৰ আছিল। এইফালে প্ৰধান ৰজা নাথাকিলেও যি ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজা সকল আছিল সেই সকলোএ একে লগ হই মুসলমানৰ আক্ৰমণ নিবাৰণ কৰিছিল। গৌড়দেশৰ অধিপতি গয়াসুদ্দিন এই দেশলৈ জয় লাভৰ আশা কৰি আহে। তেওঁ সসৈন্যে উজাই জয়ী হই শদীয়ালৈকে গইছিল! শেষত
পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৫৭
অৱয়ব