পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী পৰাস্ত হই উলটি যায়। ১২৫৬-৫৭ ইংৰেজি সনত মলক যুজবেক কামৰূপ আক্ৰমণ কৰিবলৈ আহে। তেওঁ এই দেশ লই এটি মসজীদ নিৰ্ম্মাণ কৰে৷ বাৰিষা হ’লত যেতিয়া সৰ্ব্বত্ৰে পানী বাঢ়ি আপ্লাবিত হল মুসলমানব অনেক সৈন্য মৰিল। আৰু সিহঁতে অতি দুৰৱস্থাৰে গৌড় দেশলৈ উভতি গল। তগৰল খাঁ নামে এজন বঙ্গদেশব নবাবেও কামৰূপ আক্ৰমণ কৰিবলৈ আহিছিল। ইংৰাজী ১২৫৮ সনত কামৰূপৰ ৰজাই তেওঁক পৰাস্ত কৰি বধ কৰে। এইজনা কোন ৰজা তেওঁৰ নাম প্ৰকাশ নাই। কামৰূপ জিলাৰ বঙ্গীয়াৰ ওচৰত যি “বৈদৰ গড়” নামে প্ৰসিদ্ধ গড় আছে আৰু যাক ফেঙ্গুয়া বজাই নিৰ্ম্মাণ কৰে বুলি আজিলৈকে৷ লোকে কয়, ইংৰাজী ১২০৪ সনৰ পৰা ১২৫৮ সনলৈকে কেইবাবাৰে৷ মুসলমানে কামৰূপ আক্ৰমিবলৈ অহাত সেই গড় সেই সময়ৰ মাজতে আক্ৰমণকাৰীৰ হাতৰ গৰ৷ ৰক্ষা পাবলৈ কৰা হইছিল, এনে অনুমান হয়। এতেকে ফেঙ্গুয়৷ ৰজাৰ আৰু এই গড়ৰ সময় আমি ইংৰাজী ত্ৰয়োদশ শতিকাৰ মধ্যভাগ আৰু শকাব্দৰ দ্বাদশ শতাব্দীৰ শেষভাগ বুলি নিৰ্ণয় কৰিলে৷। এই সময়ৰ পাছত মুসলমান আক্ৰমণকাৰী কিছুমান দিন অহা নাই। পূবফালে উজনি বা সৌমাৰ প্ৰদেশত আহোমে আক পশ্চিমে বঙ্গাল দেশত মুসলমানে ৰাজ্য কৰিছিল। এই কামৰূপ মাজতে আছিল। দুইও ফালৰ পৰা আক্ৰমণ কৰিবব ইচ্ছা আছিল। ১৪২০ শুঁকত হুসেন সাহাব অধীনে ‘নীলাম্বব ৰজাৰ দিনত যিৰূপে মুসলমান বিলাকে কমতাপুৰ নগৰ ল'লে তাক পূৰ্ব্বে লেখা হইছিল। সিহঁতে এই নগৰ বহুদিন হস্তগত কৰি নাথাকিল। বঙ্গাল' দেশ ৰক্ষা কৰিবৰ কাৰণেই তেওঁ বিলাক সেই সময়ত ব্যস্ত আছিল। ১৪২৮ শুঁকত তুবক নামে এজনা মুসলমান সেনাপতি উজাই দেশ জয়ী কৰিবৰ কাৰণে আহে। কলিয়াবৰত আহোমৰে যুদ্ধ. হয়। সেই যুদ্ধত তুবক জয় হয়। পাছে আহোমৰ কলাচোঙ্গ মন্ত্ৰিয়ে তুৰবকক খেদি কৰতোয়া পৰ্য্যন্তে দেশ জয় কৰিছিল। এই সময়ত কামৰূপব সৌমাব খণ্ডত চুহুংমুঙ্গ বা স্বৰ্গনাৰায়ণ বজ| আছিল। আৰু কেঁাঁচবেহাৰত বিশ্বসিংহ ৰজা হই শাসন কৰিছিল। যোগিনী তন্ত্ৰৰ দ্বাদশ ৫৪