পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী দক্ষিণে ব্ৰহ্মপুত্ৰ, পূৰ্ব্বে ধনসিড়ী আৰু পশ্চিমে বড় নদী। কিন্তু তেওঁৰ সক ভায়েক মধুনাৰায়ণে সেই খণ্ডৰে কিছুমান ললে। পাছে আদিত্যৰ মৃত্যু হোৱাত পুতেক ধ্বজনাৰায়ণ সিংহাসনত উঠিল। কিন্তু আহোম বিলাকৰ পৰাক্ৰম ক্ৰমে বৃদ্ধি হোৱাত দৰঙ্গী ৰজাৰ ফৈদ আহোম বিলাকৰ কতলীয়া হ’ল। স্বৰ্য্যনাৰায়ণৰ পুতেক এজনা ধীৰনাৰায়ণে ১৭৪৪ সনত মধুনাৰায়ণক ভাঙ্গি ৰজা হ’ল। কিন্তু তিনি বছৰৰ মূৰত ৰাজ্য এৰি ডিমৰুৱাৰ ফালে পলাই গ'ল। মধুনাৰায়ণ মৰাত মহত নাৰায়ণ ৰজা হ’ল। কিন্তু তেওঁৰ ভায়েক দুল্ল ভ নাৰায়ণ বড় পৰাক্ৰমী হোৱাত মহত নাৰায়ণৰ লগতে একত্ৰে দুইও বজা হ’ল। দুৰ্ল্লভ আগেয়ে মহত গাছে মৃত্যু হ’লত দুল্ল ভৰ পুতেক হংসনাৰায়ণ বজা হয়। ধীৰনাৰায়ণৰ এজন৷ পুতেক কীৰ্ত্তিনাৰায়ণ কেইদিন- মান বলেৰে বজ৷ হয়। কিন্তু সেই বছৰতে অৰ্থাৎ ১৭৮৭ সনতে হংসনাৰায়ণ আকৌ ৰজা হ'ল। ১৭৮৯ সনত কীৰ্ত্তিনাবায়ণব পুতেক ৰজা হয়। কিন্তু এওঁৰ দিনতে দৰঙ্গী ৰজাৰ পৰাক্ৰম একেবাবে বিনষ্ট হল। বলিত নাৰায়ণ ৰজাৰ দিনবে পৰা ইন্দ্ৰনাৰায়ণ ৰজাৰ দিনলৈকে দৰঙ্গী ৰজাৰ ফৈদে কামৰূপ শাসন কৰিছিল। সময়ে সময়ে দেশব প্ৰবলাধিকাৰ মুসলমান বিলাকে আক্ৰমণ কৰিলেও সেই আক্ৰমণৰ পাছে আকৌ সেই ফৈদৰ ৰজাই ৰাজত্ব কৰিছিল। ইন্দ্ৰনাৰায়ণ ৰজাৰ দিনত কামৰূপ পৰ্যন্ত আহোম বিলাকৰ ৰাজত্ব হয়। কিন্তু তেনে উত্তমৰূপে হোৱা নাইকিছিল। পাছে ধ্বজনাৰায়ণৰ দিনত আহোম বিলাকৰ ওচৰত অধীনত৷ স্বীকাৰ কৰিলে হয়। তথাপি মূল দৰঙ্গখানি এক প্ৰকাৰ স্বাধীন আছিল। পাছে ১৭৮৯ সনৰ পাছতহে একেবাৰে নাম লোপ পালে। এতিয়া আমি মুসলমানে কামৰূপ আক্ৰমণৰ কথা সংক্ষেপে লেখিম। ইংৰাজী ১২০৩ সনত দিল্লীৰ পাদশা কুতবুদ্দিনৰ সেনাপতি বখতিয়াৰ ৫২

  • ইউৰোপৰ কোনো কোনো পণ্ডিত এই মত প্ৰকাশ কৰে বোলে অসম দেশতেই

বাৰুদ প্ৰথমে প্ৰস্তুত হয় আৰু ইয়াৰে পৰা বাৰুদ নিৰ্ম্মাণৰ নিয়ম সৰ্ব্বত্ৰে প্ৰচলিত হইছে। এই দেশৰ আদি নিবাসী হিন্দু কি আন জাতি অথবা ছুটিয়া আহোম প্ৰভৃতি জাতিৰ মানুহৰ যি ইতিহাস বা প্ৰচলিত কথা আছে তাত ই বিষয়ৰ একো সম্বাদ পোৱা নাযায়। খেহ বা চীন দেশৰ ফালৰ পৰা এই কথা প্ৰচাৰিত হইছে। সেই ঠাইত কেনেকৈ এই অমূলক কথা প্ৰচলিত হ’ল ইয়াৰ একো নিৰ্ণয় কৰিব নোৱাবি। খ্ৰীষ্টৰ