পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অধ্যায় নাছিল আৰু টকাও নাছিল। বস্তুৰ বাবে বস্তু সলনি দি মানুহে কাম চলাই- ছিল। যুদ্ধৰ সময়ত ঘৰে ঘৰে একোটি মানুহ ৰণ কৰিবলৈ গইছিল। ভোট প্ৰভৃতি পৰ্ব্বতীয়া জাতিয়ে সইতে বেপাৰ কৰিছিল হয় কিন্তু উপদ্ৰৱৰ নিমিত্তে নামনিৰ মানুহে সদাই শঙ্কিত থাকিছিল৷ বলিত নাৰায়ণ ৰজাই আপোনাৰ ভাগৰ ৰাজ্য লই দৰঙ্গত ৰাজধানী কৰিলে আৰু ভালকৈ দেশ শাসনৰ প্ৰতি মনোযোগ দিলে। কিন্তু আহোম বিলাকৰ পৰাক্ৰম বাঢ়ি অহা দেখি অসমৰ স্বৰ্গনাৰায়ণ ৰজাক তেওঁবিলাকৰ বংশৰ মঙ্গলদই নামে জীয়ৰী এজনী দি মিত্ৰ কৰিলে। আৰু সেই জীয়ৰী- জনীৰ নামেই তেওঁবিলাকৰ থকা ঠাই সেই ঠাই আৰু নদীৰে৷ নাম মঙ্গলদই হ’ল। স্বৰ্গনাৰায়ণ ৰজাই বলিত নাৰায়ণৰ প্ৰতি সন্তোষ হই আৰু তেওঁ ধৰ্ম্মশীল থকাত তেওঁৰ নাম ধৰ্ম্ম নাৰায়ণ দিলে। আৰু তেওঁৰে গজনাৰায়ণ নামে ভায়েক এজনাক বেলতলাত বজ৷ পাতিলে। তেতিয়াবে পৰা বেলতলাৰ বজাৰ ফৈদ বাঢ়িল। ইংৰাজী ১৬৩৪ শকত বলিত নাৰায়ণ ৰজা স্বৰ্গী হ’লত তেওঁৰ পুতেক মহেন্দ্ৰ নাৰায়ণ সিংহাসনত উঠে। এওঁৰ দিনত একে৷ বিশেষ ঘটনা নাই। এইজন৷ ৰজাই অনেক ব্ৰাহ্মণক ব্ৰহ্মত্তৰকৈ অনেক নিষ্কৰ মাটি দিছিল। অতি শান্তিৰে ১৯ বছৰ ৰাজত্ব কৰি ১৬৪৩শঁকত মহেন্দ্ৰ নাৰায়ণৰ মৃত্যু হয়। আৰু তেওঁৰ পুত্ৰ চন্দ্ৰনাৰায়ণ ৰজা হয়। চন্দ্ৰনাৰায়ণ ১৭ বছৰ সিংহাসনত থাকি মৃত্যু হলত তেওঁৰ পুত্ৰ সূৰ্য্যনাৰায়ণ ৰজা হয়। ১৬৮২ সনত মঞ্জুৰ খাঁ সেনাপতিয়ে এই দেশ আক্ৰমণ কৰিলে। আৰু যুদ্ধত সূৰ্য্যনাৰায়ণ বজা ঘাটিল। আৰু বন্দীকৈ দিল্লীলৈ নিয়া হল। দিল্লীৰ পৰা সূৰ্য্যনাৰায়ণ ৰজা কোনোমতে পলাই আহিল হয় কিন্তু লাজত পুনৰায় সিংহাসনত নবহিল। যেতিয়৷ সূৰ্য্যনাৰায়ণক ধৰি নিয়ে তেতিয়৷ তেওঁৰ ভায়েক ইন্দ্ৰনাৰায়ণ নিচেই সৰু পাঁচবছৰীয়৷ আছিল। মন্ত্ৰী সকলে গোটখাই এওঁকে ৰজা পাতিলে। কিন্তু ৰজ৷ সৰু আৰু মন্ত্ৰীসকলৰ পৰস্পৰ বিৰোধ হোৱাত ৰাজ্যত মহা হুলস্থুল হই শেষত কামৰূপ পৰ্য্যন্তে আহোম ৰজাৰ অধিকাৰ হল। কালক্ৰমে এওঁৰ পৰলোক হোৱাত ১৭২৫ সনত আদিত্যনাৰায়ণ সিংহাসনত উঠে। এওঁৰ ৰাজ্যৰ সীম৷ এই আছিল : উত্তৰে গোঁহাই কমলৰ আলি, ●