পঞ্চম অধ্যায়
ইয়াৰ আগেয়ে কোৱা হইছে যে কামৰূপৰ ৰাজধানী গুৱাহাটীৰ পৰা গুছিল। পুৰণি ৰোম ৰাজ্যৰ যেনেকেই দুই ৰাজধানী হইছিল ইয়াৰো তেনে হ’ল। ভাটীৰ ফালৰ ৰাজধানীৰ কথা পূৰ্ব্বে কোৱা হইছে। উজনিৰ ৰাজধানী নাগশঙ্কৰৰ ওচৰতে আছিল। ব্ৰহ্মপুত্ৰৰ বংশৰ লোপ হোৱাৰ পাছত এই বংশৰ শেষ ৰজাৰ কোনো এজন অমাত্য গই উজনিত বৰ পৰাক্ৰমী চুটিয়া ৰাজ্য স্থাপন কৰে। কিন্তু কালক্ৰমে সিহঁত এনে হ’ল যে সিহঁতৰ জাতি ধৰ্ম্ম আৰু ভাষাও লোপ পালে। এই শেষ ৰাজবংশৰ ধ্বংস হ’লত কামৰূপৰ এই ভাগ প্ৰায় অৰাজক হ’ল। ভাটীৰ ৰাজধানীৰ পৰা দেশৰ অধিকাৰ সকলেও চাব নোৱাৰে। আৰু যি লোকক শাসনৰ ভাৰ দি পঠোৱা হয় সেই সকলেও উজাই আহি প্ৰায় স্বাধীনতাক লয়হি। ভোট, কছাৰী প্ৰভৃতি দুইও দাঁতিৰ পৰ্ব্বতীয়৷ লোক সকলে সদাই উপদ্ৰৱ কৰি থাকিছিল। পাছে প্ৰায় ঠাইয়ে ঠাইয়ে যেইয়ে বলে পাৰিছিল সেইয়ে ৰজা হইছিল বা ভূঁয়া ইত্যাদি নাম লই ৰাজ্য শাসন কৰি আছিল। সেই বিলাক প্ৰায় স্বাধীন থাকিলেও সমূহৰ ওপৰত যেতিয়া কোনো উপদ্ৰৱ পৰে তেতিয়া সকলোয়ে মিলি সেই উপদ্ৰৱৰ হাত সাৰিবলৈ যত্ন কৰিছিল।
ইফালে বৌদ্ধ ধৰ্ম্ম প্ৰৱল হোৱাত সেই ধৰ্ম্মক অনেকে গ্ৰহণ কৰি বৌদ্ধাচাৰী হইছিল। ব্ৰহ্মা, চীন প্ৰভৃতি দেশে সইতে লোকৰ গতিবিধি আছিল। পাছে যেতিয়া বৈদিক ধৰ্ম্মৰ পুনঃ প্ৰবেশ হ’ল তেতিয়াও লোকৰ অবস্থা তেনে ভাল নাছিল। বলেই স্বত্ব হোৱাত প্ৰজাৰ অবস্থা তেনে নাছিল। পাছে কমতাপুৰৰ ৰজাই এই দেশ সুন্দৰকৈ লবৰ মনেৰে আৰু কোঁচ আৰু আন আন শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ বঙ্গাল দেশৰ পৰা যি কেইঘৰ ভূঁয়া আনে সেই কেইঘৰেও ভালকৈ দেশ শাসন কৰিব নোৱাৰিলে। ইফালে মুসলমান বিলাকে যেতিয়া ৰাজ্য ল’লে সেই বিলাকেও ৰাজ্য শাসনতকৈ লুৰি পুৰি দেশ নষ্ট কৰিবলৈহে চালে। সেই সময়ত প্ৰজাবিলাকে আপোন আপোন মাটিৰ ক্ষেতি কৰিছিল। হাট বজাৰ*