পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অধ্যায় মৌজা, কিসমত, তালুক ইত্যাদি ভাগ আৰু চৌধাৰী, পাটগিৰি, মণ্ডল ইত্যাদি বিষয় সিও চলিব ধৰিলে। কানুনগো যি পতা হ’ল তেওঁ ৰঙ্গা মাটিত থাকিবলৈ ধৰিলে। আৰু সেইজনাই নানা উপায়ে অনেক মাটি, গাঁও পৰগণা ইত্যাদি লই পাছে জমিদাৰ নাম পালে। বিজিত নাৰায়ণৰ বংশৰ ৰজা সকল কেবল নাম মাত্ৰ ৰজা থাকিল। মুসলমানৰ কৰতলীয়া হ'ল আৰু কালক্ৰমে বিজনী নামে নগৰ পাতি তাতে থাকিল। তেওঁ নবাবক কৰ দিব লাগিছিল। পাছে সেই কৰৰ ধনৰ পৰিবৰ্ত্তে হাতী দিয়াৰ নিয়ম হ'ল। বঙ্গাল দেশৰ আন আন দেশৰ লগত ১৭৬৫ ইংৰাজীৰ ১২ আগষ্টত এই অংশ গবৰ্ণমেণ্টৰ অধীনলৈ আহিল। তাব পাছে হাতীৰ সলনি নগদ ৰূপ খাজানা বুলি দিয়া নিয়ম হ'ল। SP বলিত নাৰায়ণ ৰজাৰ দিনৰে পৰা এতিয়াৰ কামৰূপ আৰু দৰঙ্গ জিলাযে৷ অনেক অংশত মুসলমান বিলাকৰ আধিপত্য হ'ল। বিজিত নাৰায়ণৰ বংশৰ পৰা যেনেকেই কৰগ্ৰহণ হইছিল এই ফালে তেনে নহলেও সাধাৰণ পক্ষে মুসলমানবিলাকৰ কৰ্তৃত্ব চলিছিল। সিহঁতৰ মাটি, বাড়ী, বন্দোবস্ত আৰু মানুহৰ বিষয় ইত্যাদিৰ যি নিয়ম সি সমুদায় চলিল। সেই দেখিহে এতিয়ালৈকে কামৰূপ আৰু দৰঙ্গ জিলাৰ মাটি আৰু বিষয় ইত্যাদি সম্পৰ্কে বঙ্গাল দেশৰ নিয়মৰ অনেক সাদৃশ্য দেখা যায়। বঙ্গ| মাটিৰ পৰা বলিত নাৰায়ণৰ ৰাজধানী দবঙ্গ দুৰৈ হোৱাত ওচৰৰ ঠাই বিলাকৰ দৰে কঠিন ৰূপে ইয়াক মুসলমান হঁতে শাসন কৰিবলৈ পৰা নাইকিছিল। ৰাজ্য বিপ্লব হই থকাত প্ৰজাব অবস্থা তেনে নাছিল। উজনিব ফালে আহোম ভাটীৰ ফালে মুসলমান আৰু হুই দাঁতিয়ে ভোট, গাৰো, খাসীয়া, কছাৰী প্ৰভৃতি পৰ্ব্বতীয়া জাতি বিলাকৰ দ্বাৰা সময়ে সময়ে উপদ্ৰব হোৱাত তেতিয়া প্ৰজাৰ অবস্থা যে তুৰ্ব্বাসনীয়া আছিল ইয়াত একো সন্দেহ নাই। 9