পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী 3 সৰহকৈ কৰ খোজাত ৰজাদেৱে ভয় পাই আগ্ৰালৈ গ'ল। আৰু জাঁহাগীৰ বাদসাহাৰ আগত নিজৰ অবস্থ৷ জনাই কোৱাত বাদসাহে হোজা ৰজা দেখি মৰমকৈ এই আজ্ঞ৷ ঢাকালৈ পঠালে বোলে পৰীক্ষিতে যিমান কৰ দিব পাৰে তিমানতে মান্তি হব। ঢাকাত আহি নৱাবক সেই আজ্ঞা দিয়াত নৱাবে তেওঁক সুধিলে কিমান কৰ দিব পাৰিব। আমাৰ হোজা ৰজাদেৱে ৰূপ কি বস্তু তাক ভালকৈভু নেপাই ২০ কোটি ৰূপ দিবলৈ সন্মত হ’ল। নৱাবেও তাতে মান্তি হ’ল। তেতিয়৷ পৰীক্ষিতে মুসলমান কিছুমান সৈন্য লই ঘুৰি আকৌ আহিল তেতিয়৷ মন্ত্ৰীৰ মুখে ৰূপৰ পৰিমাণ বুঝিবলৈ পাৰি আৰু নিজে দিবলৈ নোৱাৰাত ভয় পাই মন্ত্ৰীক লগ লই আকৌ আগ্ৰালৈ গ'ল। কিন্তু ১৫২৮ শুঁকত পাটনাত ৰজাৰ মৃত্যু হয়। দেশৰ প্ৰতি মুসলমানৰ আক্ৰমণ নিবাৰিবলৈ মন্ত্ৰী আগ্ৰালৈ গ'ল। ইতি সময়তে ঢাকাৰ পৰা সৈন্য আহি পৰীক্ষিতৰ দেশ অধিকাৰ কৰিলে। ঢাকাৰ নৱাবে সইতে কৰা সন্ধি মন্ত্ৰীয়ে অন্যথা কৰাই তেওঁ বাদসাহেৰ পক্ষে কানুনগো হই দেশলৈ আহিল। এই দেশ তেতিয়া চাৰি সৰকাৰত বিভক্ত আছিল। ৰঘুদেৱ ৰজাৰ ৰাজ্য তেতিয়াৰ পৰা দুই ভাগত বিভাগ হ'ল। পুবে মানাহ নদী আৰু পশ্চিমে সোণকোষ নদী ইয়াৰ মাজত যি দেশ খণ্ড সি পৰীক্ষিতৰ পুতেক বিজিত নাৰায়ণে ললে। আৰু মানাহ নদীৰ পৰা উজাই দিকৰাই লৈকে পৰীক্ষিতৰ ভায়েক বলিত নাৰায়ণৰ ভাগত পড়িল। এতিয়াৰ বিজনীৰ ৰজাৰ ফৈদ বিজিত নাৰায়ণৰ সন্তান। আৰু দৰঙ্গৰ ৰজাৰ ঘৰ এই বলিত নাৰায়ণৰ সন্তান। St আগ্ৰাৰ বাদসাহাৰ পৰা যে কবীন্দ্ৰ বড়ুৱা কানুনগো হই আহিছিল তেতিয়াৰ পৰা প্ৰায় কামৰূপৰ এই অংশ মুসলমান বিলাকৰ অধীন হ'ল। ক্ৰমে ৰঙ্গামাটিত এজন মুসলমান নৱাবৰ বাসস্থান হ'ল। ৰজা সকলৰ পৰা নৱাবে কৰ লবলৈ ধৰিলে। আৰু বাঙ্গালদেশত যেনে পৰগণা, এতিয়াৰ গুৱালপাড়া জিলাৰ ৰঙ্গামাটিৰ জমিদাৰৰ পূৰ্ব্ব পুৰুষ কবীজ বড়ুৱাই এই কানুনগো।